জোনমনি বেগম

বিশ্বনাথ চাৰিআলি : বিশ্বনাথ জিলাৰ ‘অভিভাৱক মন্ত্ৰী’ আৰু অসম চৰকাৰৰ জল সম্পদ, তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই বুধবাৰে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাগৃহত অনুষ্ঠিত এক বৈঠকত বিভিন্ন বিভাগৰ কাম-কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। বিশ্বনাথ চাৰিআলি আৰু গহপুৰ চহৰৰ মাজত হোৱা শোচনীয় পথৰ অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি মন্ত্ৰীগৰাকীয়ে কয় যে চাৰি লেন যুক্ত পথ নিৰ্মাণৰ প্ৰকল্পটো সম্পূৰ্ণ নোহোৱালৈকে বৰ্তমানৰ পথছোৱা যাতায়তৰ সুচল অৱস্থাত ৰাখিব লাগে।

মন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেড(এনএইচআইডিচিএল)ক বৰ্তমানৰ পথছোৱাত তৎক্ষণাৎ মেৰামতিৰ কাম কৰিবলৈ নিৰ্দেশ জাৰি কৰে যাতে যাত্ৰীসকলে যাত্ৰাপথত অসুবিধাৰ সন্মুখীন নহয়। তেখেতে বিশ্বনাথৰ উপায়ুক্তক কামৰ অগ্ৰগতিৰ পৰ্যবেক্ষণ কৰিবৰ বাবে নিয়মীয়াকৈ পথছোৱা পৰিদৰ্শন কৰিবলৈ নিৰ্দেশ দিয়ে। লগতে এনএইচআইডিচিএল-ক চাৰি লেনৰ কাম ত্বৰান্বিত কৰিবলৈও কয়।

জিলাখনত লোক নিৰ্মাণ বিভাগৰ অধীনত প্ৰকল্প ৰূপায়ণৰ সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে বিভাগটোক প্ৰধানমন্ত্ৰী গ্ৰাম ছড়ক যোজনা (পিএমজিএছৱাই)ৰ অধীনত উচ্চ মানদণ্ডৰ পথ নিৰ্মাণ কৰিবলৈ নিৰ্দেশ দিয়ে। তেখেতে কয় যে চৰকাৰে কামৰ মানদণ্ডৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ নকৰে আৰু ঠিকাদাৰসকলকো সেই অনুসৰি নিৰ্দেশনা জাৰি কৰিব লাগে। “যদি ৰাইজ কামৰ মানদণ্ডত সন্তুষ্ট নহয়, চৰকাৰে নিষ্ক্ৰিয় হৈ বহি নাথাকিব। নিম্ন মানদণ্ডৰ পথ নিৰ্মাণ কৰা ঠিকাদাৰসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি কয় মন্ত্ৰীগৰাকীয়ে।

মন্ত্ৰীগৰাকীয়ে বিভিন্ন পথ প্ৰকল্পৰ অধীনত কামৰ মানদণ্ডৰ অধিক মূল্যায়ন কৰিবলৈ অহা ১৫ দিনৰ ভিতৰত লোক নিৰ্মাণ বিভাগৰ বিষয়া আৰু ঠিকাদাৰৰ সৈতে আন এখন বৈঠক অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী আৱাস যোজনা (পিএমএৱাই)ৰ কাৰ্যকৰীকৰণৰ পৰ্যালোচনা কৰি মন্ত্ৰী গৰাকীয়ে কয় যে সংশ্লিষ্ট বিভাগে নিশ্চিত কৰিব লাগে যে আঁচনিখনৰ অধীনত কোনো যোগ্য হিতাধিকাৰীয়ে লাভাম্বিত হোৱাৰ পৰা যাতে বাদ নপৰে। তেখেতে জিলাখনত জল জীৱন মিছন (জেজেএম)ৰ কাৰ্যকৰীকৰণ ত্বৰান্বিত কৰাৰ বাবেও নিৰ্দেশনা জাৰি কৰে যাতে ২০২৪ চনৰ ভিতৰত প্ৰতিটো পৰিয়ালক পানীৰ সংযোগ প্ৰদান কৰিব পৰা যায়। তেখেতে লগতে কৃষি বিভাগক এইটো নিশ্চিত কৰিবলৈ কয় যে জিলাখনৰ সকলো যোগ্য কৃষকে পিএম-কিছান আঁচনিৰ অধীনত সুবিধা লাভ কৰে।

মন্ত্ৰীগৰাকীয়ে সমাজ কল্যাণ বিভাগক জিলাখনৰ ৫০ টা আটাইতকৈ পুষ্টিহীন শিশু চিনাক্ত কৰিবলৈ কৈছে আৰু সেই শিশুসকলক মন্ত্ৰী, স্থানীয় সাংসদ আৰু বিধায়কসকলে গ্ৰহণ কৰিব আৰু পুষ্টি আৰু আহাৰৰ সন্দৰ্ভত শিশুসকলৰ সকলো ব্যয় তেওঁলোকে চোৱাচিতা কৰিব। মন্ত্ৰীগৰাকীয়ে সভাত বিশ্বনাথ জিলাত নিৰ্মাণাধীন চিকিৎসা আৰু অভিযান্ত্ৰিক মহাবিদ্যালয়সমূহৰ কামৰ অগ্ৰগতিৰো পৰ্যালোচনা কৰে। বৈঠকত তেজপুৰৰ সাংসদ পল্লৱ লোচন দাস, বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, গহপুৰৰ বিধায়ক উৎপল বৰা, বিহালীৰ বিধায়ক ৰঞ্জিত দত্ত, বিশ্বনাথৰ উপাযুক্ত প্ৰণৱ কুমাৰ শৰ্মা, বিশ্বনাথৰ আৰক্ষী অধীক্ষক লীনা দলে, গহপুৰৰ মহকুমাধিপতি আদিত্য বিক্ৰম যাদৱ, অতিৰিক্ত উপাযুক্তসকল, প্ৰশাসনিক বিষয়া আৰু সংশ্লিষ্ট বিভাগৰ মুৰব্বীসকল উপস্থিত আছিল।