যোৰহাট : যোৰহাটৰ নিমাতিঘাটত দুখন ফেৰীৰ মাজত হোৱা সংঘৰ্ষত শতাধিক যাত্ৰী ব্ৰহ্মপুত্ৰ নদীত ডুব যোৱাৰ সম্ভাৱনা। নিমাতিঘাটৰ পৰা মাজুলী অভিমুখে আৰু মাজুলীৰ পৰা নিমাতিঘাট অভিমুখে আহি থকা ফেৰী দুখনৰ মাজত সংঘৰ্ষ। 

যোৰহাট জিলাৰ নিমাতিঘাটত ব্ৰহ্মপুত্ৰ নদীত সংঘটিত হৈছে ভয়ংকৰ নাও দুর্ঘটনা। দুখন ফেৰীৰ মাজত হোৱা সংঘর্ষত শতাধিক লোক ব্ৰহ্মপুত্ৰ নদীত ডুব যোৱাৰ সম্ভাৱনা। ফেৰী দুখন মাজত হোৱা সংঘৰ্ষত এখন ফেৰী দুটুকুৰা হৈ ফেৰীখনত থকা যাত্ৰীৰ লগতে যান বাহন ব্ৰহ্মপুত্ৰত ডুব যায়।

নিমাতিঘাটৰ পৰা মাজুলী অভিমুখে আৰু মাজুলীৰ পৰা নিমাতিঘাট অভিমুখে আহি থকা ফেৰী দুখনৰ মাজত হোৱা সংঘৰ্ষত ফেৰী দুখন যাত্ৰীসকল নদীত পৰি যোৱাত বহু যাত্ৰী পানীৰ সোঁতত উটি যোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। জানিব পৰা মতে মা কমলা নামৰ ফেৰীখনত ১২০ জন যাত্ৰী আছিল। যোৰহাট আৰক্ষীৰ সহযোগত উদ্ধাৰ অভিযান অব্যাহত আছে।

বৰ্তমানলৈকে এই নাওঁ দুৰ্ঘটনাত হতাহতৰ তথ্য জানিব পৰা হোৱা নাই যদিও ইতিমধ্যে বহু লোকক ব্ৰহ্মপুত্ৰ নদীৰ পানীৰ পৰা উদ্ধাৰ কৰা হৈছে। ইফালে এই দুর্ঘটনাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে উদ্বেগ প্ৰকাশ কৰিছে।