আজিজুল হক

বৰপেটা

৮ জুলাই

বৰপেটাৰ ভেল্লাত তিনিদিন ধৰি বিকল বিদ্যুৎ ট্ৰান্সফৰমাৰ। খবৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ। ভেল্লাৰ খন্দকাৰপাৰাত ট্ৰান্সফৰমাৰ বিকল হৈ পৰাত বিগত তিনিদিনে গাঁওখনত নাই বিজুলী। অন্ধকাৰত ডুবিছে সমগ্ৰ গাঁওখন। বিদ্যুৎ নথকাৰ ফলত ব্যাপক অসুবিধাৰ সৃষ্টি ৰাইজৰ।

বৰপেটা জিলাৰ ভেল্লাৰ খন্দকাৰপাৰা গাঁৱত বিগত তিনিদিন ধৰি ট্ৰান্সফৰমাৰ বিকল হৈ থকাৰ ফলত গাঁওখন তিনিদিন ধৰি অন্ধকাৰত ডুব গৈ আছে। ট্ৰান্সফৰমাৰ বিকল হৈ থকাত গাঁওখনৰ ৰাইজ ব্যাপক অসুবিধাৰ সন্মুখীন হৈ আছে যদিও এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষৰ কোনো ধৰণৰ গুৰুত্ব নাই।

ৰাইজে বাৰম্বাৰ বিদ্যুৎ বিভাগক অৱগত কৰাৰ পিছতো ৰাইজৰ সমস্যাক বিভাগটোৱে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে গাঁওখনৰ ৰাইজে। স্থানীয় ৰাইজে বিভাগীয় কৰ্তৃপক্ষৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে যদিও বিকল হোৱা ট্ৰান্সফৰমাৰটো সলনি কৰি দিবলৈ বিদ্যুৎ বিভাগে মন মেলা নাই বুলি জানিবলৈ দিয়ে গাঁওখনৰ ৰাইজে।

বিদ্যুৎ বিভাগে হেমাহীৰ ফলত অন্ধকাৰাচ্ছন্ন পৰিৱেশৰ মাজতে থাকিবলৈ বাধ্য হৈছে গাঁওবাসী। ছাত্ৰ ছাত্ৰী, গৃহিনীসকলোৱে ব্যাপক অসুবিধাৰ সন্মুখীন হৈছে বিদ্যুৎ নথকাৰ ফলত। উৎকট গৰমত অস্বস্তিত ভূগিছে গাঁওবাসীয়ে। গাঁওখনত অতি শীঘ্ৰেই নতুন ট্ৰান্সফৰমাৰ স্থাপনৰ দাবী তুলিছে ৰাইজৰ লগতে বিভিন্ন দল-সংগঠনে।

ইফালে ভেল্লাৰ শিলাত সঘনাই বিদ্যুৎ কৰ্তনৰ ফলতো অতিষ্ঠ হৈ পৰিছে ৰাইজ। দিনত প্ৰায় ১০ বাৰলৈকে বিদ্যুৎ কৰ্তন কৰাৰ লগতে ২৪ ঘন্টাৰ ভিতৰত ৪-৫ ঘন্টাহে অঞ্চলটোত বিদ্যুৎ যোগান ধৰাৰ অভিযোগ উত্থাপন কৰিছে অঞ্চলবাসীয়ে। ফলত দুৰ্ভোগ ভুগিব লগা হৈছে ৰাইজ। অঞ্চলটোত বিদ্যুৎ যোগানো নিয়মীয়া কৰাৰ বাবেও দাবী জনাইছে দল-সংগঠনে।