মিৰ্জা, ১৯ নৱেম্বৰ: পলাশবাৰীৰ গোসাঁইহাতৰ নতুন বস্তিত কালি সন্ধিয়া ঘটা এক ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, মাছ মাৰিবলৈ গৈ পুখুৰী সদৃশ দ-খাৱৈত পৰি দুজনলোকে কৰুণভাৱে মৃত্যুক আকোঁৱালি লয়। মৃত লোকদুজন মৃদুলা দাস(২৬) আৰু ৰাতুল কলিতা(১৫)। দুয়ো গৰাকীৰ মৃতদেহ মিৰ্জা চিকিৎসালয়ত ৰখা হৈছিল। কিন্তু তেনে সময়তেই চকু কঁপালত উঠা ঘটনা সংঘটিত হ’ল। কোনো আৰক্ষী নথকা হেতু পৰিয়ালৰ লোকে দুয়োটা মৃতদেহ নিশা নিজে চিকিৎসালয়ৰ ৰোগী কঢ়িওৱা ট্ৰলিৰে মিৰ্জা চিকিৎসালয়ৰ পৰা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰে ঠেলি পলাশবাৰী থানালৈ আনে। সাংবাদিকে পৰিয়ালৰলোকক মৃতদেহ কেইটা ক’লৈ লৈ গৈ আছে বুলি প্ৰশ্ন কৰাত কয় যে, “আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে এনেদৰে থানালৈ লৈ যাব দিছে”। আনহাতে, শুক্ৰবাৰেও বৰকুছিৰ নিজেশ্বৰী মন্দিৰৰ পাহাৰৰ ওপৰত এটি মৃতদেহ উদ্ধাৰ হৈছিল সেয়াও আৰক্ষীয়ে ৰছীৰে বান্ধিব এৰি বান্ধিছিল বিদ্যুতৰ তাঁৰেৰে। আৰু তেনেদৰে লৈ যোৱা হৈছিল গাড়ীৰে পলাশবাৰী আৰক্ষী থানালৈ। এই ঘটনাই প্ৰত্যক্ষদৰ্শীসকলক হতবাক কৰি তুলিছে।