শিমলুগুৰি, ১৯ নৱেম্বৰ: মায়া নগৰী মুম্বাইত ১৬ নৱেম্বৰৰ পৰা অনুষ্ঠিত হোৱা পঞ্চম বিশ্ব চাহ আৰু কফি মেলাত সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে অসমৰ জৈৱিক চাহে। বিশালভাৱে আয়োজিত বিশ্ব চাহ মেলাত অসমৰ হস্ত প্ৰস্তুত জৈৱিক চাহ প্ৰদৰ্শিত আৰু বিক্ৰী কৰা হৈছে। তৃতীয়বাৰৰ বাবে টি-ব’ৰ্ডৰ নিমন্ত্ৰণ মৰ্মে ৰাজ্যৰ কেইবাটাও প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰিছে। বিশেষকৈ মেলাখনিত চৰাইদেউ মথুৰাপুৰৰ মমী লাহনৰ সেউজ টিয়ে বিশ্ব বিভিন্ন দেশৰ লোকক আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে। বিক্ৰী হৈছে এই জৈৱিক গ্ৰীণ টি। থলুৱা শিপিনী মমী লাহনে নিজ হাতেৰে প্ৰস্তুত কৰি উলিওৱা গামোচা আদিও এই মেলাত প্ৰদৰ্শন কৰা হৈছে। ক্ৰেতাসকলে অসমৰ জৈৱিক চাহৰ সোৱাদ লোৱাৰ বাবে ভিৰ কৰিছে বিপনীত।