নিউজ ডেস্ক, ১৫ এপ্ৰিল, ২০২৫ : উত্তৰ-পূব সীমান্ত ৰে’লৱেই চেন্ট্ৰেল ইকুইপমেন্ট আইডেনটিটি ৰেজিষ্টাৰ (CEIR) পৰ্টেলৰ সহায়ত হেৰুওৱা মোবাইল ফোনসমূহৰ ট্ৰেচিং আৰু পুনৰুদ্ধাৰৰ দিশত উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে। ২০২৪ চনৰ ২০ এপ্ৰিলৰ পৰা চলিত বৰ্ষৰ ৭ এপ্ৰিলৰ ভিতৰত, সক্ৰিয় প্ৰয়াসৰ পৰিণামস্বৰূপে যাত্ৰীৰ সুৰক্ষা বৃদ্ধি আৰু মূল্যৱান সম্পত্তি পুনৰুদ্ধাৰ কৰাৰ দিশত গুৰুত্বপূৰ্ণ ফলাফল অৰ্জন কৰা হৈছে।
এই সময়ছোৱাত, ৫২৮ টা মোবাইল ফোনৰ সফলতাৰে সন্ধান উলিওৱা হয়। এই পদক্ষেপে নিৰাপত্তাৰ নিশ্চিতকৰণ আৰু তৎক্ষণিকভাৱে ৰাজহুৱা সেৱা প্ৰদান কৰাৰ দিশত প্ৰযুক্তিৰ বৰ্ধিত ভূমিকাক প্ৰতিফলিত কৰে। ইয়াৰ ভিতৰত, ৰে’লৱে সুৰক্ষা বাহিনী (আৰপিএফ) আৰু সংশ্লিষ্ট কৰ্তৃপক্ষৰ সমন্বিত প্ৰচেষ্টাৰ জৰিয়তে ১০৯ টা মোবাইল উদ্ধাৰ কৰা হয়।
পুনৰুদ্ধাৰৰ উপৰিও, মোবাইল ফোন চুৰি বা অবৈধভাৱে ৰখাৰ সৈতে জড়িত ২১ জন ব্যক্তিক আটক কৰা হয়। এই মোবাইল সম্পৰ্কীয় অপৰাধ প্ৰতিহত কৰা আৰু বেআইনীভাৱে পুনৰ বিক্ৰী কৰা নেটৱৰ্ক ব্যাহত কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে চিহ্নিত হৈছে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল, উদ্ধাৰ হোৱা মোবাইল ফোনসমূহ তেওঁলোকৰ সঠিক মালিকসকলক ঘূৰাই দিয়া হয়, যি এই পদ্ধতিটোৰ ফলপ্ৰসূ আৰু ৰাজহুৱা সেৱাৰ প্ৰতি উত্তৰ পূব সীমান্ত ৰেলৱেৰ প্ৰতিশ্ৰুতিকেই প্ৰতিফলিত কৰে।
উত্তৰ পূব সীমান্ত ৰে’লৱেই যাত্ৰীসকলক ৰে’ল মদদৰ জৰিয়তে যিকোনো হেৰুওৱা বা চুৰি হোৱা মোবাইল ফোনৰ তথ্য প্ৰদান কৰিবলৈ উৎসাহিত কৰিছে। ৰে'”লৱে সুৰক্ষা বাহিনীয়ে যাত্ৰীৰ স্বাৰ্থ সুৰক্ষিতকৰণ আৰু নিৰাপদ ভ্ৰমণ অভিজ্ঞতা নিশ্চিত কৰাৰ বাবে সমৰ্পিত হৈ আহিছে। অবিৰত প্ৰচেষ্টা আৰু ৰাজহুৱা সহযোগিতাৰ সৈতে, ৰে’লৱেই ইয়াৰ নেটৱৰ্কত সুৰক্ষা আৰু বিশ্বাস অধিক বৃদ্ধি কৰাৰ লক্ষ্য ৰাখিছে।