গোৱালপাৰা : পুখুৰীৰ পৰা উদ্ধাৰ হ’ল ৫ টা বনৰীয়া হাতী। বন বিভাগে উদ্ধাৰ কৰিলে গোৱালপাৰাৰ লক্ষীপুৰত পুখুৰীত আবদ্ধ হৈ থকা ৫ টা বনৰীয়া হাতীক। জনাঞ্চলৰ পৰা ওলাই অহা ৫ টাকৈ বনৰীয়া হাতী গোৱালপাৰাৰ লক্ষীপুৰৰ চৈবাৰীত পুখুৰীত পৰি আবদ্ধ হৈ আছিল।

খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা ৫ টাকৈ বনৰীয়া হাতী গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ চৈবাৰীত পুখুৰীত পৰি আবদ্ধ হৈ আছিল। বুধবাৰে নিশাৰ ভাগত বনৰীয়া হাতী কেইটা পুখুৰীত পৰিছিল বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে। ৰাইজে বনৰীয়া হাতী ৫ টা পুখুৰীত পৰি আবদ্ধ হৈ থকাৰ খবৰ নিশাই বন বিভাগক দিছিল।

পুৱাৰ ভাগত বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ বনৰীয়া হাতী কেইটাক পুখুৰীৰ পৰা উদ্ধাৰ কৰাৰ অভিযান আৰম্ভ কৰে। দীর্ঘসময় ধৰি অভিযান চলাই অৱশেষত বন বিভাগে বনৰীয়া হাতী কেইটাক পুখুৰীৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। বন বিভাগে জেচিবিৰে পুখুৰীৰ পাৰ খান্দি দিয়াত বনৰীয়া হাতী কেইটা পুখুৰীৰ পৰা ওলাই আহে।

পুখুৰীত পৰা ৫ টা হাতীৰ ভিতৰত ২ টা পোৱালি হাতীও আছিল। উল্লেখ্য যে নিশাৰ ভাগত বনৰীয়া হাতীৰ এটা বৃহৎ জাক বনাঞ্চলৰ পৰা ওলাই আহিছিল। এই বৃহৎ জাকটোৰ ২ টা পোৱালিসহ ৫ টা বনৰীয়া হাতী পুখুৰীত পৰি আবদ্ধ হৈ পৰিছিল। খবৰ পাই নিশাই ঘটনাস্থলীত লক্ষীপুৰ বন বিভাগ আৰু আৰক্ষীৰ লোক উপস্থিত হয় যদিও উদ্ধাৰ অভিযান পুৱাৰ ভাগতে আৰম্ভ কৰে।