জোনমণি বেগম
বিশ্বনাথ : বড়োভূমিত নতুনকৈ গঠন হোৱা ইউনাইটেড লিবাৰেশ্যন অফ বড়োলেণ্ড নামৰ উগ্ৰপন্থী সংগঠনকলৈ চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। বিধায়ক পদ্ম হাজৰিকাই কয় “তেওঁলোক যদিহে অসম মাতৃৰ সন্তান হয় তেনেহলে আলোচনাৰ মাধ্যমৰে তেওঁলোকৰ সমস্যা সমাধান কৰক। চৰকাৰী যন্ত্ৰৰ ওচৰত কোনো উগ্ৰপন্থী সংগঠনে এনে ধৰণৰ চেলেঞ্জ কৰাটো উচিত নহয়। তেওঁলোকে কি কাৰণে এনে ধৰণৰ চেলেঞ্জ কৰিব লৈছে নাজানো। কাৰণ আমাৰ চৰকাৰে তেওঁলোকৰ সমস্যা সমূহ গুৰুত্বসহকাৰে লৈ আলোচনাৰ মাজেৰে সকলো সনস্যাৰ সমাধান কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিছে।”

বিধায়ক গৰাকীয়ে লগতে কয় যে কেন্দ্ৰীয় চৰকাৰেও ৰাজ্য চৰকাৰৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই এটা সুন্দৰ শান্তিৰ পৰিৱেশ অসমত গঢ়ি তুলিছে। এখন দেশৰ শাসনযন্ত্ৰ আমাৰ সামৰিক বাহিনী, অৰ্ধ-সামৰিক বাহিনী আৰু আৰক্ষী বাহিনীক চেলেঞ্জ কৰাটো কেতিয়াও উচিত নহয়। নৱগঠিত সংগঠনটোক আহ্বান জনাই পদ্ম হাজৰিকাই কয় তেওঁলোকে এই চিন্তাৰ পৰা আঁতৰি আহি চৰকাৰৰ লগত আলোচনাৰ মাধ্যমৰে তেওঁলোকৰ সমস্যা সমূহ সমাধান কৰক আৰু চৰকাৰেও তেওঁলোকৰ সমস্যা সমূহ নিশ্চিতভাৱে আন্তৰিকতাৰে সমাধান কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব। সংগঠনৰ জন্ম হৈয়ে থাকিব কিন্ত চাব লাগিব তেওঁলোকৰ গণভিত্তি কিমান, জনসাধাৰণৰ সমৰ্থন আছেনে নে নাই সেইটোহে আচল কথা। এনে সংগঠন কিছুমান জন্ম হৈ থাকিলে আমিও বৰ চিন্তা কৰি নাথাকো বুলিও কয় বিধায়ক পদ্ম হাজৰিকাই।

তেওঁলোক যদিহে অসম মাতৃৰ সন্তান হয় তেনেহলে আলোচনাৰ মাধ্যমৰে তেওঁলোকৰ সমস্যা সমাধান কৰক। অস্ত্ৰ লৈ কিন্তু তেওঁলোকৰ সমস্যা কেতিয়াও সমাধান নহয় বুলিও নৱগঠিত সংগঠনটোকলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিধায়ক পদ্ম হাজৰিকাই। উল্লেখ্য যে বড়োলেণ্ডৰ দাবীত যোৱা ১৫ ছেপ্টেম্বৰত বড়োভূমিত ইউনাইটেড লিবাৰেশ্যন অফ বড়োলেণ্ড নামৰ এটা নতুন উগ্ৰপন্থী সংগঠন জন্ম হোৱা বুলি সংগঠনটোৱে সংবাদ মাধ্যমলৈ এক ভিডিঅ’ প্ৰেৰণ কৰিছিল। সংগঠনটোৱে অসমত অক্টোবৰ মাহত বোমা বিস্ফোৰণ সংঘটিত কৰাৰো হুংকাৰ দিছিল। ইফালে শনিবাৰে আৰক্ষীৰ গুলীত কোকৰাঝাৰত সংগঠনটোৰ দুজন সদস্য নিহত হয়।