গুৱাহাটী : জ্যেষ্ঠ অধিবক্তা নিলয় দত্তৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেখেতৰ আত্মাৰ চিৰশান্তিৰ কামনা কৰিছে। মুখ্যমন্ত্ৰীয়ে লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে। জ্যেষ্ঠ অধিবক্তা গৰাকীৰ মৃত্যুত মুখ্যমন্ত্ৰীৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাও গভীৰ শোক প্ৰকাশ কৰিছে।

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জ্যেষ্ঠ অধিবক্তা নিলয় দত্তৰ বিয়োগ আইন ক্ষেত্ৰৰ বাবে এক অপূৰণীয় ক্ষতি বুলি উল্লেখ কৰিছে। তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক বুলি উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে তেখেতৰ শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা যাচিছে।

ইফালে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাই জ্যেষ্ঠ অধিবক্তা নিলয় দত্তৰ আকস্মিক মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি কয় যে প্ৰয়াত নিলয় দত্ত অসমক প্ৰাণাধিক ভাল পোৱা এগৰাকী নিভাঁজ অসমীয়া। তেওঁৰ মৃত্যুত অসমৰ সমাজ জীৱনৰ যি ক্ষতি হ’ল, অসমৰ সমাজ জীৱনত যি শূন্য তাৰ সৃষ্টি হ’ল সেয়া অপূৰণীয় বুলিও কয় অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৰাকীয়ে।

জ্যেষ্ঠ অধিবক্তা নিলয় দত্তই দেওবাৰে পুৱতি নিশা ২.৩০ বজাত হৃদৰোগত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰে। ৪৬ সংখ্যক বিবাহ বাৰ্ষিকী উদযাপনৰ বাবে পৰিয়ালৰ সৈতে বাংগালুৰুলৈ যোৱা নিলয় দত্তৰ কৰ্ণাটকত মৃত্যু ঘটে।

মৃত্যুৰ সময়ত অৰুণাচল প্ৰদেশৰ মহাধিবক্তা আছিল জ্যেষ্ঠ অধিবক্তা নিলয় দত্ত। অসম ক্ৰিকেট সন্থাৰ সভাপতিও আছিল প্ৰয়াত জ্যেষ্ঠ অধিবক্তা নিলয় দত্ত। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট আম্পায়াৰো আছিল তেওঁ।