জোনমণি বেগম
বিশ্বনাথ : স্বাধীনতাৰ পিছত পোন প্ৰথম বাৰৰ তেজপুৰ ডেকাৰ গাঁও ৰে’ল ষ্টেচনত লাগিল ইউৰিয়াৰ ৰেক। শনিবাৰে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই বিশ্বানাথ চাৰিআলিৰ বাসুদেৱ ফাৰটিলাইজাৰত উদ্বোধন কৰিলে সুলভ মূল্যৰ সাৰ বিতৰণৰ ব্যৱস্থা। বিশ্বানাথ জিলা ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ উদ্যোগত, বিশ্বনাথ চাৰিআলি আঞ্চলিক সমিতি, পাভৈ আঞ্চলিক সমিতি, সকোমঠা আঞ্চলিক সমিতি আৰু বিহালি অঞ্চলিক সমিতিৰ সহযোগত মুকলি কৰা হয় এই বিতৰণৰ ব্যৱস্থা।

এতিয়া চাহ খেতিয়ক সকলে ৩০০ টকাৰ ভিতৰত লাভ কৰিব ইউৰিয়া। বিশ্বনাথ জিলা ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সভাপতি প্ৰবীণ হাজৰিকাই আঁত ধৰা এই অনুষ্ঠানত বিধায়ক পদ্ম হাজৰিকাই আজিৰ এই দিনটোক ঐতিহাসিক দিন বুলি উল্লেখ কৰে। তেওঁ কয় যে ইয়াৰ জড়িয়তে বিশ্বনাথ জিলাৰ ১০ হেজাৰৰো অধিক ক্ষুদ্ৰ চাহ খেতিয়ক উপকৃত হ’ব। এই ব্যৱস্থাৰ দ্বাৰা সমগ্ৰ অসমত চলি থকা ইউৰিয়াৰ ক’লা বজাৰৰ অৱসান ঘটিল বুলিও মন্ত্যব কৰে বিধায়ক গৰাকীয়ে।

অনুষ্ঠানত বিশ্বনাথ জিলাৰ উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মা, বিশ্বনাথ জিলা কৃষি বিষয়া বিজয় দত্ত, সহকাৰী কৃষি বিষয়া দীপক বাঢ়ৈ, বিজেপিৰ কিষাণ মৰ্চাৰ সম্পাদক ভাস্কৰ হাজৰিকা, বিশ্বানাথ জিলা ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সম্পাদক ডাঃ ৰঞ্জন গগৈ, জ্যেষ্ঠ সাংবাদিক নিৰঞ্জন হাজৰিকা আদিয়ে বক্তব্য আগবঢ়াই। উল্লেখযোগ্য যে কৃষকৰ প্ৰয়োজনীয় ৰাসায়নিক সাৰক কেন্দ্র কৰি ৰাজ্যত এক বৃহৎ চিণ্ডিকেট চলি আহিছিল।

অসমৰ বিভিন্ন প্ৰান্তত ইউৰিয়া সাৰ ছপা মূল্যতকৈ অধিক দামত বিক্ৰী হৈ থকা পৰিলক্ষিত হৈছে। ৰাজ সাহায্যযুক্ত ৪৫ কিলোগ্ৰাম ওজনৰ ইউৰিয়া সাৰৰ বেগত খুচৰা মূল্য ২৬৬.৫০ টকা ছপা কৰা থাকে যদিও খুচৰা বিক্ৰেতা সকলে পাইকাৰী বিক্ৰেতাৰ পৰা ৩৮০ টকাৰ পৰা ৪৩০ টকাত ক্ৰয় কৰিবলৈ লগীয়া হয়, ফলত কৃষক ৰাইজে এই সাৰ ৪৫০ ৰ পৰা ৫৫০ টকাত কিনিবলগীয়া হয়। কাৰ্যত দৰিদ্ৰ কৃষক ৰাইজৰ মুৰত ৰাম টাঙোন দি এটা চক্ৰই ৰাজ সাহায্য হৰলুকি কৰি অবৈধভাৱে কোটি কোটি টকা লুণ্ঠন কৰি আছিল।