বৰহাট, ৩১ জুলাইঃ বাক্সা জিলাত অনুষ্ঠিত ১৪ সংখ্যক চাব জুনিয়ৰ আৰু ২১ সংখ্যক ছিনিয়ৰ ৰাজ্যিক উশ্বু প্ৰতিযোগিতাত জয় লাভ কৰা চৰাইদেউৰ ছয় গৰাকী খেলুৱৈক বৰহাট ক্লাৱত চৰাইদেউ জিলা উশ্বু সন্থা আৰু শিৱসাগৰ জিলা এনএছইউআয়ে সম্বৰ্ধনা জনায়। অনুষ্ঠানটোত ৰাজ্যিক উশ্বু প্ৰতিযোগিতাত ৰূপৰ পদক বিজয়ী ক্ৰমে ৪৪ কেজি শাখাত তৃষ্ণা গগৈ আৰু ৬০ কেজি শাখাত নিউৎপল গগৈ আৰু ব্ৰঞ্জৰ পদক বিজয়ী ক্ৰমে ২৪ কেজি শাখাত দিপক প্ৰসাদ, ৩২ কেজি শাখাত মানৱ প্ৰতিম সোণোৱাল, ৩৬ কেজি শাখাত মথোৰাম সিং, ৪৮ কেজি শাখাত সোণমণি খনিকৰক ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। চৰাইদেউ জিলা উশ্বু সন্থাৰ সাধাৰণ সম্পাদক ৱাংমান ৱাংচুৱে আঁত ধৰা অনুষ্ঠানটোত সাপেখাতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উপাধ্যক্ষ মাখন কাকতি, চৰাইদেউৰ উশ্বু সন্থাৰ উপদেষ্টা শুভ্ৰজিত সোণোৱাল, উপ সভাপতি তুল্য বৰুৱা, শিৱসাগৰ জিলাৰ এনএছইউআইৰ সভাপতি সঞ্জয় দে লগতে চৰাইদেউৰ উশ্বু প্ৰশিক্ষকসকল উপস্থিত থাকি খেলুৱৈ সকলক শুভেচ্ছা জনায়৷