জোনমণি বেগম
বিশ্বনাথ : ৰাজ্যৰ প্ৰথমখন আদৰ্শ অংগনবাড়ী কেন্দ্ৰ শুভ উদ্বোধন কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। সমগ্ৰ অসমৰ ভিতৰত প্ৰথমখন আদৰ্শ অংগনবাড়ী কেন্দ্ৰ বিশ্বনাথত আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ব্যক্তিগত খণ্ডৰ ওমলা ঘৰে ফেৰ মাৰিব নোৱাৰাকৈ এই আদৰ্শ অংগনবাড়ী কেন্দ্ৰ নিৰ্মাণ কৰা হৈছে বিশ্বনাথ সমষ্টিৰ ৪ নং ৱাৰ্ডৰ বামগাঁৱত।

ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ ৰাজ্যৰ ভিতৰত বিশ্বনাথ সমষ্টিত নতুন বছৰৰ উপহাৰ হিচাপে প্ৰদান কৰিব এই আদৰ্শ অংগনবাড়ী কেন্দ্ৰ। প্ৰথম পৰ্যায়ত ১১ টা এনে আদৰ্শ অংগনবাড়ী নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰেও ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক। ৰাজ্যৰ ১২৬ টা সমষ্টিৰ ভিতৰত বিশ্বনাথতেই নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱা এই অংগনবাড়ী কেন্দ্ৰৰ নিৰ্মাণৰ ব্যায় ২৫ লাখ টকা।

উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে অংশগ্ৰহণ কৰে মন্ত্ৰী অজন্তা নেওগ, মন্ত্ৰী পিয়ুষ হাজৰিকা, সাংসদ পল্লব লোচন দাস, স্থানীয় বিধায়ক প্ৰমোদ বৰঠাকুৰসহ বহু লোক। ইয়াৰ পিছতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰিব মহিলাৰ মাইক্ৰফাইনেঞ্চ ঋণ মাফৰ এখন বিশাল জনসভাত।