চামগুৰি : ৰেলত খুন্দাত বনৰীয়া হাতীৰ মৃত্যু। চামগুৰিত তীব্ৰ বেগী ৰে’লে মহতিয়াই নিয়ে এটা বনৰীয়া হাতীক। নৱবৰ্ষৰ প্ৰথমটো নিশাই সংঘটিত হয় এই কৰুণ দুর্ঘটনা। অঞ্চলটোত দীর্ঘদিন ধৰি বনৰীয়া হাতীৰ এটা জাক বিচৰণ কৰি আছে।

নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ শালনা বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত শিঙিয়া ফুকনখাট বৰপুুলৰ কাষত নৱবৰ্ষৰ প্ৰথমটো নিশাই সংঘটিত হয় এক কৰুন দুৰ্ঘটনা৷ নিশা গুৱাহাটী-শিলঘাট অভিমুখী যাত্ৰীবাহী ৰে’লে মহতিয়াই নিয়ে এটা প্ৰকাণ্ড বনৰীয়া হাতী।

ৰে’লৰ খুন্দাত থিতাতে নিহত হয় বনৰীয়া হাতীটো৷ খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা বনৰীয়া হাতীটো নিশাৰ ভাগত ৰে’ল লাইন পাৰ কৰিবলৈ লওঁতে এই দুর্ঘটনা সংঘটিত হয়। ৰে’লৰ খুন্দাত বনৰীয়া হাতীটোৰ কৰুণ মৃত্যুৰ ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।

খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ এটা জাক দীৰ্ঘদিন ধৰি অঞ্চলটোত উপদ্ৰৱ চলাই আহিছিল যদিও ৰে’লৰ খুন্দাত এইদৰে এটা বনৰীয়া হাতীৰ কৰুন মৃ্ত্যুক অঞ্চলবাসী ৰাইজে সহজতে মানি ল’ব পৰা নাই৷ বন বিভাগে বনৰীয়া হাতীৰ জাকটোৰ পৰা বৃহত্তৰ অঞ্চলবাসীক সুৰক্ষা দিব নোৱাৰাৰ বাবে ৰাইজে ক্ষোভ উজাৰে।

ইফালে বন কৰ্মী সকলে বনৰীয়া হাতীৰ বিচৰণ ভুমি অঞ্চলটোত ৰে’ল বিভাগক তীব্ৰ গতিবেগ নিয়ন্ত্ৰণ কৰিবলৈ বাৰম্বাৰ অৱগত কৰাৰ পিছতো ৰে’ল বিভাগে গুৰুত্ব প্ৰদান নকৰাৰ বাবে এই দুৰ্ঘটনা সংঘটিত হ’ল বুলি ৰে’ল বিভাগক দোষাৰোপ কৰে৷ আনহাতে কিছু সংখ্যক স্থানীয় ৰাইজে ঘন কুঁৱলীৰ বাবে এই শোকাবহ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰে।