নিউজ ডেস্ক, ৪ আগষ্ট, ২০২৩ : মোদী উপাধিৰ গোচৰত (Modi Surname Case) শুকুৰবাৰে উচ্চতম ন্যায়ালয়ৰ পৰা ডাঙৰ সকাহ পালে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। মোদী উপাধিৰ গোচৰত উচ্চতম ন্যায়ালয়ে ৰায়দান প্ৰদান কৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ শাস্তি স্থগিত ৰাখিছে। ন্যায়াধীশ বি আৰ গাভাইৰ নেতৃত্বত এখন বিচাৰপীঠে কয় যে আমি ৰাহুল গান্ধীৰ দোষী সাব্যস্ত হোৱা গোচৰটো অধিবেশন আদালতত বিচাৰাধীন নোহোৱালৈকে স্থগিত ৰাখিছো।

ৰাহুল গান্ধী গোচৰ সন্দৰ্ভত নিৰ্দেশ লিখি বিচাৰপীঠে কয়, ‘ৰাহুল গান্ধীৰ আবেদন অধিবেশন আদালতত বিচাৰাধীন হৈ আছে, গতিকে বিষয়টোৰ ওপৰত কোনো মন্তব্য নকৰে। যিমানদূৰলৈকে তেওঁৰ শাস্তি স্থগিত ৰখাৰ কথা আছে, বিচাৰ আদালতে মানহানিৰ গোচৰত ৰাহুল গান্ধীক সৰ্বোচ্চ শাস্তি প্ৰদান কৰিছে যদিও একেটাৰে কোনো নিৰ্দিষ্ট কাৰণ উল্লেখ কৰা নাই। আমি তেওঁৰ শাস্তি অধিবেশন আদালতত আপীল নোহোৱালৈকে স্থগিত ৰাখিছো।’

উল্লেখ্য যে ২০১৯ চনৰ এপ্ৰিল মাহত লোকসভা নিৰ্বাচনৰ পূৰ্বে কৰ্ণাটকৰ কোলাৰত এখন নিৰ্বাচনী সভাত ৰাহুল গান্ধীয়ে মোদী উপাধিকলৈ এক বিতৰ্কিত মন্তব্য প্ৰদান কৰিছিল। ইয়াৰ পিছতে চুৰাট ৱেষ্টৰ বিজেপি বিধায়ক পূৰ্ণেশ মোদীয়ে ৰাহুল গান্ধীৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰিছিল। পূৰ্ণেশ মোদীয়ে কয় যে ৰাহুল গান্ধীয়ে আমাৰ সমগ্ৰ সমাজখনক চোৰ বুলি অভিহিত কৰিছে আৰু এয়া আমাৰ সমাজৰ বদনাম। ২০১৯ চনৰ মে’ মাহত এই বিষয়টো চুৰাটৰ আদালতলৈ গৈছিল।

গোচৰৰ শুনানিৰ সময়ত ৰাহুল গান্ধীয়ে তিনিবাৰ আদালতত হাজিৰ হৈছিল। প্ৰথমবাৰ ১৬ জুলাই ২০১৯, দ্বিতীয়বাৰ ১০ ডিচেম্বৰ ২০১৯ আৰু তৃতীয়বাৰ ২৯ অক্টোবৰ ২০১৯। ইয়াৰ পিছত ২০২৩ চনৰ ২৩ মাৰ্চত গুজৰাটৰ চুৰাট আদালতে ৰাহুল গান্ধীক এই গোচৰত দোষী সাব্যস্ত কৰি ২ বছৰৰ কাৰাদণ্ড বিহে। ২০২৩ চনৰ ২৪ মাৰ্চত ৰাহুল গান্ধীক সংসদৰ পৰা অযোগ্য ঘোষণা কৰা হয়। তাৰ পিছত ২০২৩ চনৰ ২৫ মাৰ্চত ৰাহুল গান্ধীয়ে সংবাদমেল অনুষ্ঠিত কৰি ক্ষমা খুজিবলৈ অস্বীকাৰ কৰে। ২০২৩ চনৰ ২০ এপ্ৰিলত চুৰাট আদালতে মানহানিৰ গোচৰত ৰাহুল গান্ধীক দোষী সাব্যস্ত হোৱাৰ বিৰুদ্ধে কৰা আবেদন খাৰিজ কৰে।

ইয়াৰ পিছত ২০২৩ চনৰ ৭ জুলাইত গুজৰাট উচ্চ ন্যায়ালয়ে মোদী উপাধিৰ গোচৰত ৰাহুল গান্ধীৰ ২ বছৰৰ কাৰাদণ্ড স্থগিত ৰাখিবলৈ অস্বীকাৰ কৰে। তাৰ পিছত এই গোচৰ উচ্চতম ন্যায়ালয়লৈ যায় আৰু উচ্চতম ন্যায়ালয়ৰ পৰা এই গোচৰ সন্দৰ্ভত ৰাহুল গান্ধীয়ে সকাহ লাভ কৰিলে। উচ্চতম ন্যায়ালয়ে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক সকাহ প্ৰদান কৰাত ৰাহুল গান্ধীৰ পুনৰ সংসদ পদ ঘূৰাই পোৱাৰ পথ মুকলি হৈছে। উচ্চতম ন্যায়ালয়ৰ পৰা সকাহ লাভ কৰি ৰাহুল গান্ধীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে সত্যৰ জয় হৈছে।