নিউজ ডেস্ক, ৫ আগষ্ট, ২০২৩ : এতিয়াও অশান্ত হৈ আছে মণিপুৰ। হিংসাত্মক ঘটনা অব্যাহত আছে মণিপুৰত। দুই সম্প্ৰদায়ৰ মাজত আৰম্ভ হোৱা সংঘর্ষত প্ৰাণ হেৰুৱাইছে দুয়োটা সম্প্ৰদায়ৰ বহু লোক। কেইবা শতাধিক লোক আহত হোৱাৰ লগতে গৃহহীন হৈছে হাজাৰ হাজাৰ লোক। শুকুৰবাৰে পুনৰ তিনিজন লোকক হত্যা কৰে দুৰ্বৃত্তই (Three Killed In Manipur)।

চুবুৰীয়া ৰাজ্য মণিপুৰ এতিয়াও জ্বলি আছে। মণিপুৰত হিংসা বন্ধ হোৱা নাই। শেহতীয়াকৈ ৰাজ্যখনৰ বিষ্ণুপুৰ জিলাত সংঘটিত হোৱা হিংসাত্মক ঘটনাত প্ৰাণ হেৰুৱাইছে তিনিজনকৈ লোকে। শুকুৰবাৰে নিশাৰ ভাগত
বিষ্ণুপুৰ জিলাৰ কোৱাকটা অঞ্চলত সংঘটিত হোৱা হিংসাত্মক ঘটনাত তিনিজন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। কেইবাজনো লোকৰ ঘৰত অগ্নি সংযোগ কৰাৰ ঘটনাও সংঘটিত হৈছে।

ঘটনাৰ পিছতে দুস্কৃতিকাৰী আৰু নিৰাপত্তাৰক্ষীৰ মাজত প্ৰচণ্ড গুলী চালনাৰ ঘটনাও সংঘটিত হয়। দুস্কৃতিকাৰী আৰু নিৰাপত্তাৰক্ষীৰ মাজত হোৱা প্ৰচণ্ড গুলী চালনাৰ ঘটনাত নিৰাপত্তাৰক্ষীৰ জোৱান আহত হৈছে। শুকুৰবাৰে নিশাৰ ভাগত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ পিছতে বিষ্ণুপুৰ জিলাৰ পৰিস্থিতি অতিকৈ ভয়াৱহ হৈ আছে। আহত নিৰাপত্তাৰক্ষীৰ জোৱান কেইজনক বিষ্ণুপুৰ চিকিৎসালয়ত ভৰ্তি কৰি অঞ্চলটোত অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছে।

আৰক্ষীৰ সূত্ৰই জনোৱা মতে, বাফাৰ জ’ন পাৰ হৈ একাংশ লোকে তেওঁলোকৰ ওপৰত গুলী চালনা কৰে। উল্লেখ্য যে দুদিন পূৰ্বেও মণিপুৰৰ বিষ্ণুপুৰ জিলাত এক সংঘৰ্ষত ১৭ জনকৈ লোক আহত হৈছিল। শুকুৰবাৰে নিশাৰ ভাগত শুই থকা অৱস্থাত তিনিজ লোকক হত্যা কৰে দুস্কৃতিকাৰীয়ে। নিহত লোক তিনিজন আশ্ৰয় শিবিৰত আছিল যদিও পৰিস্থিতি কিছু উন্নত হোৱাত লোক তিনিজন ঘৰলৈ ঘূৰি গৈছিল। মণিপুৰত যোৱা ৩ মে’ৰ পৰা দুই সম্প্ৰদায়ৰ মাজত সংঘৰ্ষ আৰম্ভ হৈছে।

বিগত তিনি মাহ ধৰি মণিপুৰত অব্যাহত থকা হিংসাত্মক ঘটনাত বহু লোকে প্ৰাণ হেৰুৱাইছে। দুই সম্প্ৰদায়ৰ মাজত হোৱা সংঘৰ্ষত কেইবাশতাধিক লোক আহত হোৱাৰ লগতে গৃহহীন হৈছে হাজাৰ হাজাৰ লোক। অসমৰ কাছাৰ জিলাত মণিপুৰৰ পৰা পলায়ন কৰি বহু লোকে আশ্ৰয় লৈছে। শেহতীয়াকৈ মণিপুৰত দুগৰাকী মহিলাক উলংগ কৰি নিৰ্যাতন চলোৱাৰ ভিডিঅ’ ভাইৰেল হোৱাত বিশ্বজুৰি প্ৰতিক্ৰিয়া সৃষ্টি হৈছে।