মানিকপুৰ, ২০ মেঃ বঙাইগাঁৱৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ বৰবিলা গাৱঁৰ মৌচুমী ৰেষ্টুৰেন্টত অবৈধ ভাৱে মদ বিক্ৰীৰ কৰি থকাৰ অভিযোগ উত্থাপন হৈছে৷ ৰেষ্টুৰেন্ট খনত মদ বিক্ৰী বন্ধ কৰিবলৈ অনুৰোধ জনোৱাত মহিলাৰ দলক স্বত্বাধিকাৰীয়ে অপদস্থ কৰাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ জানিব পৰা মতে, অঞ্চলটোৰ শতাধিক মহিলাই মদ বিক্ৰী বন্ধ কৰিবলৈ ৰেষ্টুৰেন্ট স্বত্বাধিকাৰীক অনুৰোধ জনায়৷ কিন্তু ৰেষ্টুৰেন্টৰ স্বত্বাধিকাৰীয়ে মহিলাসকলক গালি-গালাজ কৰি মাণিকপুৰ আৰক্ষীক ইয়াৰ বিনিময়ত মাহিলী ধন দিয়া বুলি দম্ভালী মাৰে৷ মহিলা দলটোৱে লগে লগে ইয়াৰ বিৰুদ্ধ মাণিকপুৰ থানাত গৈ মদ, জুৱা বন্ধ কৰিবলৈ প্ৰতিবাদ কৰে৷ কিন্তু আৰক্ষীৰ নিষ্কিয় ভূমিকাত ক্ষুব্ধ হৈ দলটোৱে আৰক্ষীৰ উৰ্দ্ধতম কতৃপক্ষক ঘটনাৰ বিষয়ে অৱগত কৰে৷