কলগাছিয়া, ২০ মেঃ ইৰিধানৰ পতানক কেন্দ্ৰকৰি সমগ্ৰ ৰাজ্যব্যাপি তোলপাৰ লাগি থকাৰ সময়ত বৰপেটা জিলাৰ সৰভোগ ৰাজহ চক্ৰৰ অন্তৰ্গত চলচলীয়া গাৱত পুনৰ ইৰিধানৰ খেতিত পতান ওলোৱাত খেতিয়কৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। ফলত কৃষকসকলে উপায়ন্তৰ হৈ চৰকাৰে দহ দিনৰ ভিতৰত ক্ষতিপূৰণ আদায় নিদিলে গণ চিপজৰী লৈ আত্মহত্যা কৰিব বুলি ভাবুকি প্ৰদান কৰে। উল্লেখযোগ্য যে, ক্ষতিগ্ৰস্থ খেতিয়কসকলে ক্ষতিপূৰণৰ দাবীত বিগত এমাহ ধৰি প্ৰতিবাদৰ জৰিয়তে দাবী জনাই আহিছে যদিও কৃষি বিভাগে কোনো ধৰনৰ গুৰুত্ব নিদিয়াত আজি চলচলীয়া, মিনিচিমলা, জেকনিকুৰা, খাটাকুচি, সৰু সৰিদ, বৰডাংগা, কামাৰপাৰা, গুইলেজা আদি গাঁৱৰ শ শ খেতিয়কে একেলগ হৈ চিপজৰী লৈ আত্মহত্যাৰ হুংকাৰ প্ৰদানেৰে প্ৰতিবাদ কৰে। দহ দিনৰ ভিতৰত চৰকাৰ তথা কৃষি বিভাগে উপযুক্ত ক্ষতিপূৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে সমুহীয়া আত্মহত্যা কৰিব বুলি প্ৰস্তুত হৈ আছে ক্ষতিগ্ৰস্থ খেতিয়কসকলে। ইৰিধানত পতান হৈ খেতিয়কসকলে সৰ্বহাৰা হৈ পৰাত কান্দোনত ভাগি পৰি প্ৰতিবাদ সাব্যস্ত কৰি কৃষি মন্ত্ৰী হায় হায়, ক্ষতিপূৰণ আদায় দিয়ক, গণ চিপজৰীৰ বাবে প্ৰস্তুত আছো, আদি শ্লগানেৰে পৰিৱেশ উত্তাল কৰি তোলে।চৰকাৰে ক্ষতিপূৰণৰ কোনো ব্যৱস্থা নকৰিলে আত্মহতাৰ বাহিৰে কোনো উপায় নাই বুলি দুৰ্ভোগীয়া ক্ষতিগ্ৰস্থ খেতিয়কসকলে মন্তব্য কৰিছে। বিমুদ্ৰাকৰণে মাধমাৰ দিয়াৰ পিছত এইবাৰ অসম চৰকাৰৰ কৃষি বিভাগৰ গাফিলতিৰ লগতে একাংশ বীজ কোম্পানী আৰু ডিলাৰৰ কু-চক্ৰান্তৰ ফলতেই বৰপেটা জিলাৰ বিভিন্ন অঞ্চলৰ হাজাৰ হাজাৰ কৃষকৰ হাজাৰ হাজাৰ বিঘা খেতি পথাৰত ধানৰ সলনি হৈছে পতান। এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বৰপেটা জিলা সমিতিয়ে। বিশেষকৈ পি এ চি- ৮৩৭ নম্বৰ হাইব্ৰিড বিধানৰ পৰা ধানৰ সলনি হৈছে পতান। এইবিধ ধানৰ বিধানত প্ৰতি বিঘাত কমেও ৩৫-৪০ মোন লৈকে ধান উৎপন্ন হয়। সেইবাবেই খেতিয়কৰ প্ৰথম পছন্দ এই ৮৩৭ নম্বৰ হাইব্ৰিড বিধান। কিন্ত এইবেলি বৰপেটা জিলাৰ কলগাছিয়া, মন্দিয়া, বৰপেটা, বজালী আৰু মন্দিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত বিভিন্ন অঞ্চলৰ খেতিয়কে কপালৰ ঘাম মাটিত পেলাই কৰা খেতি পথাৰত ধানৰ সলনি পতান হোৱাত হাজাৰ হাজাৰ দৰিদ্ৰ কৃষকৰ মাজত সৃষ্টি হৈছে তীব্ৰ হাহাকাৰ। উল্লেখযোগ্য যে অধিকাংশ কৃষকেই কোনো ব্যক্তি বা বেংকৰ পৰা টকা সুদূত ঋণ লৈ কৃষি কৰ্ম কৰি এতিয়া ঋণ পৰিশোধ কৰিব নোৱাৰি মূৰে কপালে হাত দিবলগীয়া হৈছে। ক্ষতিগ্ৰস্থ কৃষকসকলৰ কাষত থিয় দিছে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্র মুক্তি সংগ্ৰাম সমিতিয়ে। কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্র মুক্তি সংগ্ৰাম সমিতি বৰপেটা জিলা সমিতিৰ নেতা কৰ্মী সকলে জিলাখনৰ বিভিন্ন অঞ্চললৈ গৈ ক্ষতিগ্ৰস্থ কৃষকৰ মাজত সজাগতা সৃষ্টিৰে সংগঠিত কৰি কৃষকসকলৰ উপযুক্ত ক্ষতিপূৰণৰ দাবীত ব্যাপক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণৰ প্ৰস্তুতি গ্ৰহণ কৰিছে। এই প্ৰস্ততিৰ অংশ স্বৰূপেই কালি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি আশ্ৰাফুল ইছলামে বৰপেটা ৰাজহ চক্ৰৰ ঘিলাজাৰী মৌজাৰ অন্তৰ্গত হাতীজানা, যশীহাটি পাৰা, হাজীপাৰা, খন্দকাৰপাৰা, কুমুল্লীপাৰা, ডাকালিয়াপাৰা, বগাইজন আৰু গৰেমাৰি গাওঁৰ কৃষক ৰাইজৰ লগত কথা পাতি পৰিস্থিতিৰ বুজ লোৱাৰ লগতে ক্ষতিগ্ৰস্থ কৃষকসকলক লৈ খন্দকাৰ বজাৰত এক সভাও অনুষ্ঠিত কৰে। সভাত অংশগ্ৰহণ কৰি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি আশ্ৰাফুল ইছলামে ভাষণ প্ৰসংগত অসম চৰকাৰৰ কৃষি বিভাগৰ গাফিলতিৰ লগতে একাংশ বীজ কোম্পানী আৰু ডিলাৰ চক্ৰান্তৰ ফলস্বৰূপেই আজি হাজাৰ হাজাৰ কৃষকৰ পথাৰত ধানৰ সলনি পতান হৈছে বুলি ক্ষোভেৰে কয়। গতিকে অসম চৰকাৰৰ কৃষি বিভাগৰ লগতে নকল বীজ উৎপাদন আৰু যোগান ধৰা বীজ কোম্পানীয়ে কৃষকৰ এই দূৰবস্থাৰ বাবে দায়িত্ব মূৰ পাতি লৈ কৃষকক উপযুক্ত ক্ষতিপূৰণ দিবই লাগিব বুলি ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যকৰী সভাপতি গৰাকীয়ে সজোৰে দাবী উত্থাপন কৰে। উল্লেখযোগ্য যে ইতিমধ্যে হাউলিত অৱস্থিত কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়া সকলে এই বেজাল ধানৰ খেতি পৰিদৰ্শন পি এ চি -৮৩৭ ধানৰ বীজত আসোঁৱাহ থকাটো নিশ্চিত কৰিছে। কিন্তু দুৰ্ভাগ্যজনকভাৱে জিলা কৃষি বিভাগক এই কথা অৱগত কৰাৰ পিছতো বিভাগীয়ভাৱে ধাননি পথাৰবোৰ পৰিদৰ্শন কৰি কোনো পদক্ষেপ গ্ৰহণ নকৰাত ৰাইজৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বৰপেটা জিলা সমিতিৰ সভাপতি নিৰঞ্জন ৰয়, ৰফিকুল ইছলাম, কাৰ্যকৰী সভাপতি মাধৱ দাস আৰু যুটীয়া সম্পাদক দণ্ডিনাথ বৰ্মন আৰু কাজী নাজিমূল হকে কৃষক সকলৰ উপযুক্ত ক্ষতিপূৰণৰ দাবীত অতিশীঘ্ৰে ব্যাপক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে।