অনলাইন ডেস্ক সংবাদ ৩৬৫, ৭ আগষ্টঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্ত্ৰীসভাৰ সকলো মন্ত্ৰীৰ ভিতৰত বিদেশ মন্ত্ৰী সুষমা স্বৰাজ ছ’চিয়েল মিডিয়াত সৰ্বাধিক সক্ৰিয় থাকে৷ সুষমা স্বৰাজে বিদেশ সম্পৰ্কীয় যিকোনো বিষয়ত প্ৰয়োজনীয় ব্যক্তিক সহায় আগবঢ়ায় বুলি অভিলেখ আছে৷ এক ছাৰ্ভে অনুসৰি, ছ’চিয়েল মিডিয়াত সৰ্বাধিক অনুকৰণ কৰা বিশ্বৰ ১০ গৰাকী শীৰ্ষ নেতাৰ ভিতৰত সুষমা স্বৰাজ একমাত্ৰ মহিলা৷ পাচপৰ্টৰ কাৰণেই হওক বা যুদ্ধৰ কাৰণেই হওক, কোনো ভাৰতীয় বহিঃদেশত আৱদ্ধ থাকিলে, তেওঁক মুকলি কৰি অনাৰ কাৰণে বিদেশ মন্ত্ৰী গৰাকীয়ে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰি সফলতা লাভ কৰে বুলি সুনাম আছে৷ যাৰ কাৰণে বিভিন্ন সময়ত  বিদেশ মন্ত্ৰীগৰাকীক সহায় বিচাৰি বিভিন্ন জনে টুইট কৰে৷ শনিবাৰে বিশাল সূৰ্য্যবংশী নামৰ যুৱক এজনে সুষমা স্বৰাজক টুইটাৰত সহায় বিচাৰে৷ বিশালৰ এই টুইটতো ছ’চিয়েল মিডিয়াত ক্ৰমান্বয়ে ভাইৰেল হ’ব ধৰে আৰু এহেজাৰ বাৰ ৰিটুইট হয়৷ টুইটটোত বিশালে লিখিছিল, মেম’, মে পুণে মে জৱ হেৰী মিট ছেজল দেখ ৰেহী হু, প্লিজ মোঝে ৰেস্কিউ কৰ লিজিয়ে৷ সম্ভৱত বিশালে জৱ হেৰী মিট ছেজল চাই ইমানেই বিৰক্ত হ’ল যে সুষমা স্বৰাজক সহায়ৰ কাৰণে টুইট কৰিলে৷ বিশালৰ এই কাৰ্য্য কিমান গ্ৰহণযোগ্য তাক লৈ প্ৰশ্ন উত্থাপন হৈছে যদিও সুষমা স্বৰাজে প্ৰায়ে এনে ধৰণৰ ধেমেলীয়া পৰিস্থিতিৰ সন্মুখীন হয়৷ বহুতে গাড়ী, ৰেফ্ৰিজৰেটৰ সমস্যাক লৈও সুষমা স্বৰাজক টুইট কৰে৷ বিদেশ মন্ত্ৰী গৰাকীয়েও ধেমেলীয়া সুৰত ইয়াৰ উত্তৰো দিয়ে৷ কৰণ সৌনী নামৰ এজন ব্যক্তিয়ে সুষমা স্বৰাজক টুইট কৰিছিল৷ কৰণে টুইটাৰত লিখিছিল যে. মই মঙ্গল গ্ৰহত আৱদ্ধ হৈ আছো৷ ৯৮৭ দিন আগতে মঙ্গল যানেৰে খাদ্য পঠাইছিল৷ সেই খাদ্য শেষ হৈছে৷ দ্বিতীয়বাৰ খাদ্য কেতিয়া পঠাব৷ কৰণৰ এই টুইটত বিদেশ মন্ত্ৰীগৰাকীয়ে উত্তৰ দিছিল যে, যদি আপুনি মঙ্গলত আৱদ্ধ হৈ আছে, তেন্তে ভাৰতীয় দূতাবাসে আপোনাক তাত সহায় কৰিব৷