ৰঙিয়া, ৯ আগষ্টঃ কামৰূপ আৰু ৰঙিয়া জিলা মুক্তি যুঁজাৰু সন্মিলিনৰ সৌজন্যত ৰঙিয়াৰ হৰদত্ত-বীৰদত্ত ভৱনত ৰাজ্যিক ভিত্তিত ভাৰত ত্যাগ আন্দোলন দিৱস উদযাপন কৰা হয়। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাজ্যপাল বানোৱাৰীলাল পুৰোহিত। প্ৰথমবাৰলৈ আয়োজিত ভাৰত ত্যাগ আন্দোলন দিৱসত ৰাজ্যপালগৰাকীয়ে স্বাধীনতা সেনানী সকলৰ অৱদানক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে। ভাৰতৰ অসংখ্য সংগ্ৰামী সেনানীৰ অক্লান্ত পৰিশ্ৰমৰ ফলশ্ৰুতিত ভাৰত স্বাধীন হোৱা বুলি মন্তব্য কৰি ৰাজ্যপাল গৰাকীয়ে সেই মহান লোক সকলৰ সপোনৰ ভাৰতখন বৰ্তমানৰ ভাৰতখন নহয় বুলি দুখ প্ৰকাশ কৰে। তেওঁ বৰ্তমান দেশখন দুৰ্নীতি ভ্ৰষ্টাচাৰে ভৰি পৰিছে বুলি উল্লেখ কৰি বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দুৰ্নীতিৰ বিৰুদ্ধে চলোৱা যুঁজখনৰ শলাগ লয়। সভাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰেক্টৰ অধ্যাপক হৰি প্ৰসাদ শৰ্মা, ভাৰতীয় ষ্টেট বেংকৰ মুখ্য প্ৰৱন্ধক পি এছ এল ভি এন মুৰ্তি, ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতা  উপস্থিত থাকে।