জোনমণি বেগম
বিশ্বনাথ : বিশ্বনাথ জিলাৰ মোনাবাৰীৰ চাধুসুতিত নিশা বনৰীয়া হাতীৰ উপদ্ৰৱ। এটা বনৰীয়া হাতীয়ে নিশা তিনিটাকৈ ঘৰ আৰু এখন দোকান ভাঙি লণ্ডভণ্ড কৰে। বনৰীয়া হাতী খেদাত বন বিভাগ ব্যৰ্থ হৈছে বুলি ৰাইজৰ অভিযোগ।

ৰাজ্যত অব্যাহত আছে বনৰীয়া আৰু মানুহৰ সংঘাত। উজনিৰ পৰা নামনিলৈকে ৰাজ্যৰ কেইবাখনো জিলাত দিনকদিনে ক্ৰমাৎ অধিক ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে বনৰীয়া আৰু মানুহৰ সংঘাত। এই সংঘাতৰ ফলত ইতিমধ্যে কেইবাজনো লোক নিহত হোৱাৰ লগতে আহত হৈছে বহু লোক।

বনৰীয়া হাতী আৰু মানুহৰ সংঘাতৰ ভয়াবহ পৰিনাম কেৱল মাত্ৰ মানুহৰ ভুগিছে তেনে নহয়, এই সংঘাতত মৃত্যুৰ মুখত পৰিছে বহু বনৰীয়া হাতী। কিন্তু এই সংঘাত ৰোধ কৰিবলৈ সম্পূৰ্ণ ব্যৰ্থ হৈছে বন বিভাগ। ফলত বৰ্তমানেও ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলি আছে বনৰীয়া আৰু মানুহৰ সংঘাত।

দেওবাৰে নিশা পুনৰ বিশ্বনাথ জিলাৰ মোনাবাৰীৰ চাধুসুতিত দেখিবলৈ পোৱা গ’ল বনৰীয়া হাতীৰ উপদ্ৰৱ। খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই আহি এটা বনৰীয়া হাতীয়ে জনাঞ্চলত প্ৰৱেশ কৰি উপদ্ৰৱ চলায়। বনৰীয়া হাতীটোৱে মোনাবাৰীৰ চাধুসুতিত তিনিটাকৈ ঘৰ আৰু এখন দোকান ভাঙি লণ্ডভণ্ড কৰে।

অঞ্চলটোত দীৰ্ঘদিন ধৰি বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই আহিছে। অঞ্চলটোৰ স্থানীয় ৰাইজে বাৰম্বাৰ বন বিভাগক অৱগত কৰাৰ পিছতো বন বিভাগে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। অঞ্চটোৰ ৰাইজে পুনৰবাৰ বন বিভাগক বনৰীয়া হাতী খেদাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বানৰ জনাইছে।