সোণাপুৰ, ২৯ মেঃ বনমন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই নজীৰাখাট স্থিত উত্তৰ-পূৱ সংগ্ৰহালয় আৰু সংস্কৃতি কেন্দ্ৰত আকস্মিক ভাবে পৰিদৰ্শন কৰে৷ পৰিদৰ্শনৰ সময়ত বনমন্ত্ৰী গৰাকীয়ে সংগ্ৰহালয় আৰু সংস্কৃতি কেন্দ্ৰৰ মাটি অবৈধ ভাবে দখল কৰে৷ তেওঁ বিগত সময়ছোৱাত হোৱা অগ্নিকাণ্ডৰ আঁৰত গভীৰ ষড়যন্ত্ৰ জড়িত থকাৰ সন্দেহ ব্যক্ত কৰে৷ বনমন্ত্ৰীগৰাকীয়ে সদৰি কৰা মতে, সংগ্ৰহালয় আৰু সংস্কৃতি কেন্দ্ৰৰ মাটি দখলৰ কাৰণে এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত কৰা হৈছিল৷ তেওঁ লগতে কয় যে আমছাং অভয়াৰণ্যৰ বিভিন্ন স্থানত ভূমি অবৈধ বেদখলকাৰীয়ে দখল কৰাৰ লগতে ডনবস্ক বিশ্ববিদ্যালয়েও অভয়াৰণ্যখনৰ ভূমি অবৈধ ভাবে দখল কৰিছে৷ তদুপৰি আমছাং অভয়াৰণ্যৰ কিছু মাটিৰ ভূৱা ম্যাদী পত্তাও দিয়া হৈছে৷ শীঘ্ৰে এই অবৈধ বেদখলকাৰী সকলক উচ্ছেদ কৰি হ’ব৷