মৰাণ, সংবাদ৩৬৫,২৬জুন: ৰাষ্ট্রীয় নাগৰিকপঞ্জী প্ৰকাশ হোৱাৰ পূৰ্বে আজি স্থানীয় প্ৰশাসনৰ দ্বাৰা মৰাণ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় প্ৰাংগণত অৱস্থিত সভাকক্ষত সজাগতা সভাৰ আয়োজন কৰা হয়। ডিব্ৰুগড় জিলাৰ অন্তৰ্গত মৰাণ ৰাজহ চক্ৰ বিষয়া গিতাশ্রী লাচিতে কয় যে মৰাণ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ অন্তর্গত মুঠ ৩৮,১৬২ এন আৰ চি প্ৰ-পত্র জমা হৈছে য’ত পৰিয়ালৰ সদস্যৰ সংখ্যা হ’ল ১,৭৩,৯২৬। এই সমূহ ভালদৰে পৰ্যবেক্ষণ কৰা হৈছে। এন আৰ চি ৰ চূড়ান্ত তালিকাৰ পৰা কোনো ভাৰতীয় নাগৰিকৰ নাম কৰ্তন হোৱা প্ৰশ্নই নুঠে বুলি তেওঁ জনায়। বিষয়াগৰাকীয়ে সকলোকে উৰাবাতৰিৰ পৰা দূৰৈত থাকিবলৈ কয় আৰু প্ৰশাসন আৰু পুলিচৰ সহায় লবলৈ আহ্বান জনায়। চক্ৰ বিষয়াগৰাকীয়ে সভাপতিত্ব কৰা সভাখনত উপস্থিত থাকে মৰাণ পুলিচ চক্ৰ বিষয়া খৰ্গেশ্বৰ শইকীয়া, মৰাণ থানাৰ কাৰ্যবাহী বিষয়া দ্বীপেন্দ্ৰ ছেত্ৰী, চেপন ৰ এল আৰ চি আৰ ৰুমী বৰা, এ চি আৰ চি আৰ গনজুনন্দ দেউৰী, বৰবিল হাইস্কুলৰ পূৰ্বৰ প্রধান শিক্ষক মন বাহাদুৰ ছেত্ৰী, মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পূৰ্বৰ শিক্ষক পৱিত্ৰ কুমাৰ চেতিয়া, সাংবাদিক শোভিত কুমাৰ ছেত্ৰী, ৰাজু মিশ্ৰ, চি পি চি মমতা কপুৰ আদি অতিথিৰূপে উপস্থিত আছিল। সভাত বিভিন্ন ভি দি পি, বি এল অ, মৰাণৰ বিভিন্ন গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।চক্ৰ বিষয়া লাচিতে ৰাইজৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ প্রদান কৰি তেওঁলোকৰ উৎকণ্ঠা কম কৰিবলৈ প্ৰয়াস কৰে সভাৰ শেষত ৰুমী বৰাই এন আৰ চি ৰ কামত জড়িত সকলোকে তেওঁলোকৰ প্রয়াসৰ বাবে প্ৰসংশা কৰে। সভাত প্রায় ২০০ লোক উপস্থিত আছিল।