তেজপুৰ, সংবাদ ৩৬৫,২৬ জুন: বাক্সা জিলাৰ তামুলপুৰ থানাৰ অন্তৰ্গত উত্তৰ গান্ধীবাৰী গাঁৱৰ এগৰাকী বিবাহিত মহিলাক অপহৰণকাৰীক তামুলপুৰ আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হয়। প্ৰাপ্ত খবৰ মতে, সোমবাৰে সন্ধিয়াৰপৰা উত্তৰ গান্ধীবাৰী নিবাসী মঙ্গল বড়োৰ পত্নীক কোনো অচিনাক্ত দুৰ্বৃত্তই অপহৰণ কৰি লৈ যায়। ঘটনাৰ পিছতে মহিলাগৰাকীৰ স্বামীয়ে গান্ধীবাৰী আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে। উক্ত এজাহাৰৰ ভিত্তিত গান্ধীবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজেন বড়োৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ঘটনাৰ লগত জড়িত জব্বৰ আলী চেক (২৪)ক নিশা গান্ধীবাৰী চাৰিআলী চকৰ পৰা কৰায়ত্ব কৰে। পেচাত মিস্ত্ৰী জব্বৰ বিলাসীপাৰা থানাৰ ১৮৩ নং তুচুপাৰা গাঁৱৰ জবেদ আলহীৰ সন্তান। আজি জব্বৰৰ বিৰুদ্ধে তামুলপুৰ থানাত এটা গোচৰ ৰুজু কৰি জেইল হাজোলৈ প্ৰেৰণ কৰে।