নিউজ ডেস্ক : দেশত যোৱা ২৪ ঘণ্টাত নতুনকৈ ক’ভিডত আক্রান্ত ১ লাখতকৈও অধিক লোক। মৃত্যুৰ মুখত পৰিছে ৩০২ জন ক’ভিড ৰোগী। ক’ভিডৰ নতুন ভেৰিয়েন্ট অ’মিক্রন সংক্ৰমিত হৈছে ২৭ খন ৰাজ্যলৈ। অ’মিক্রনত আক্রান্ত হৈছে ৩ হাজাৰ ৭ জন লোক।

দেশত পুনৰ ভয়াবহ ৰূপ ধাৰণ কৰিছে ক’ভিড মহামাৰীয়ে। পুনৰ দেশত বৃদ্ধি পাইছে ক’ভিডত আক্রান্ত লোকৰ সংখ্যা। কেন্দ্ৰিয় স্বাস্থ্য মন্ত্ৰালয়ে জাৰি কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত নতুনকৈ ক’ভিডত আক্রান্ত হৈছে ১ লাখ ১৭ হাজাৰ ১০০ জন লোক। ২১৪ দিনৰ পিছত দেশত ১ লাখতকৈ অধিক লোক ক’ভিডত আক্রান্ত হৈছে যোৱা ২৪ ঘণ্টাত।

যোৱা ২৪ ঘণ্টাত দেশত ক’ভিডৰ এই ভয়াবহ সংক্ৰমণৰ মাজতে ক’ভিডৰ নতুন ভেৰিয়েন্ট অ’মিক্রন দেশৰ ২৭ খনকৈ ৰাজ্যলৈ সংক্ৰমিত হৈছে। ২৭ খন ৰাজ্যত ৩ হাজাৰ ৭ জন লোক আক্রান্ত হৈ আছে ক’ভিডৰ এই নতুন ভেৰিয়েন্ট অ’মিক্রনত। অৱশ্যে ইয়াৰ মাজতে ১ হাজাৰ ১৯৯ জন লোক সুস্থ হৈ উঠিছে।

মহাৰাষ্ট্ৰত সৰ্বাধিক ৮৭৬ জন লোক অ’মিক্রনত আক্রান্ত হৈছে। মহাৰাষ্ট্ৰৰ পিছতে আছে দেশৰ ৰাজধানী দিল্লী। দিল্লীত ৪৬৬, কৰ্ণাটকত ৩৩৩, ৰাজস্থানত ২৯১ জন, কেৰেলাত ২৮৪, গুজৰাটত ২০৪, তামিলনাডুত ১২১, হাৰিয়ানাত ১১৪, তেলেংগানাত ১০৭, উৰিষ্যাত ৬০, উত্তৰ প্ৰদেশত ৩১, অন্ধ্ৰ প্ৰদেশত ২৮, পশ্চিম বংগত ২৭, গোৱাত ১৯ জন লোক আক্রান্ত হৈছে। অসমৰ লগতে মধ্য প্ৰদেশত আক্রান্ত হৈছে ৯ জনকৈ লোক।

অসমৰ চুবুৰীয়া ৰাজ্য মেঘালয়ত আছে ৪ জন আৰু মণিপুৰত আছে ১ জন অ’মিক্রনত আক্রান্ত লোক। ইয়াৰ পৰিবৰ্তে উত্তৰাখণ্ডত ৮ জন আন্দামান নিকোবাৰ, চণ্ডীগড় আৰু জম্মু কাশ্মীৰত আছে ৩ জনকৈ লোক। পাণ্ডুচেৰী আৰু পাঞ্জাৱত ২ জনকৈ লোক থকাৰ পৰিবৰ্তে লাদাখত আছে ১ লোক। উল্লেখ্য যে যোৱা বছৰ জুন মাহৰ ৭ তাৰিখে দেশত ১ লাখতকৈ অধিক লোক ক’ভিডত আক্রান্ত হৈছিল।