যোৰহাট : ‘বুল্লি বাঈ’ এপৰ সৃষ্টিকৰ্তা অসমৰ যুৱক নীৰজ বিষ্ণই। দেশজুৰি বিতৰ্কৰ সৃষ্টি কৰা এই ‘বুল্লি বাঈ’ এপৰ সৃষ্টিকৰ্তা নীৰজ বিষ্ণইক অৱশেষত গ্ৰেপ্তাৰ। দিল্লী আৰক্ষীয়ে যোৰহাট আৰক্ষীৰ সহযোগত যোৰহাটৰ পৰা গ্ৰেপ্তাৰ কৰে ‘বুল্লি বাঈ’ এপৰ সৃষ্টিকৰ্তা নীৰজ বিষ্ণইক।

বিগত কিছুদিন ধৰি দেশত বিতৰ্কৰ সৃষ্টি কৰিছে ‘বুল্লি বাঈ’ নামৰ এটা এপ। এই বিতৰ্কিত এপটোৰ জৰিয়তে চলোৱা হৈছিল নাৰী দেহৰ ব্যৱসায়। যুৱতী-মহিলাৰ ফটো এই এপটোত আপলোড কৰি যুৱতী-মহিলা সকলৰ দাম-দৰ চলোৱা হৈছিল এই এপটোৰ জৰিয়তে।

‘বুল্লি বাঈ’ নামৰ এই এপটোৱে বিশেষকৈ লক্ষ্য কৰি লৈছিল ইছলাম ধৰ্মাৱলম্বী যুৱতী-মহিলা সকলক। এই এপটোৰ পৰা আনকি ৰক্ষা পৰা নাছিল সাংবাদিকো। এগৰাকী মহিলা সাংবাদিকৰ ফটো এই এপত আপলোড কৰি দাম-দৰ চলোৱা হৈছিল।

ইয়াৰ পিছতে মহিলা সাংবাদিক গৰাকী কাষ চাপিছিল আৰক্ষী। মহিলা সংগদিক গৰাকীৰ গোচৰৰ পিছতে এই বিতৰ্কিত এপটো বন্ধ কৰি দিয়া হয় যদিও আৰক্ষীৰ তদন্ত অব্যাহত থাকে। আৰক্ষীয়ে তদন্ত চলাই বুধবাৰে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ‘বুল্লি বাঈ’ নামৰ এপটোৰ লগত জড়িত তিনিজনক গ্ৰেপ্তাৰ কৰিছিল।

ইয়াৰ পিছতে আৰক্ষীৰ জালত পৰে এই বিতৰ্কিত ‘বুল্লি বাঈ’ নামৰ এপটোৰ মূল সৃষ্টিকর্তা অসমৰ যুৱক নীৰজ বিষ্ণই। বৃহস্পতিবাৰে দিল্লী আৰক্ষীয়ে যোৰহাট আৰক্ষীৰ সহযোগত যোৰহাটৰ পৰা গ্ৰেপ্তাৰ কৰে নীৰজ বিষ্ণইক। নীৰজ বিষ্ণই ভূপালৰ ভেলোৰ ইনষ্টিটিউট অৱ টেকন’লজীৰ বি টেকৰ ছাত্ৰ।