জোনমণি বেগম

বিশ্বনাথ : বিশ্বনাথ চাৰিআলি আৰক্ষীৰ কবলৰ পৰা পলায়ন ড্ৰাগছ সৰবৰাহকাৰীৰ। স্বাস্থ্য পৰীক্ষা কৰিবলৈ নিয়াৰ পথত আৰক্ষীৰ কবলৰ পৰা পলায়ন কৰে ড্ৰাগছ সৰবৰাহকাৰীজন। পলাতক পংকজ গুপ্তাক বিশ্বনাথ আৰক্ষীয়ে বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰিছিল।

বিশ্বনাথ চাৰিআলি আৰক্ষীৰ কবলৰ পৰা পলায়ন কৰিলে ড্ৰাগছ আসক্ত তথা ড্ৰাগছ সৰবৰাহকাৰী পংকজ গুপ্তা। বৃহস্পতিবাৰে সন্ধিয়াৰ ভাগত আৰক্ষীয়ে পংকজ গুপ্তাক স্বাস্থ্য পৰীক্ষা কৰিব নিয়াৰ সময়ত আৰক্ষীৰ কবলৰ পৰা পলায়ন কৰে পংকজ গুপ্তা।

ড্ৰাগছ আসক্ত তথা ড্ৰাগছ সৰবৰাহকাৰী পংকজ গুপ্তাৰ আৰক্ষীৰ কবলৰ পৰা পলায়নৰ ঘটনাটো শুকুৰবাৰে পুৱাৰ ভাগত পোহৰলৈ আহে। বৃহস্পতিবাৰে দিনৰ ভাগত আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই আমবাৰীৰ পৰা ড্ৰাগছসহ পংকজ গুপ্তাক গ্ৰেপ্তাৰ কৰিছিল।

ধৃত পংকজ গুপ্তাক আৰক্ষীয়ে স্বাস্থ্য পৰীক্ষা কৰিবলৈ চিকিৎসালয়লৈ নি থকা সময়ত আৰক্ষীৰ চকুত ধূলি দি পলায়ন কৰিবলৈ সক্ষম হয় পংকজ গুপ্তা। ইতিমধ্যে ঘটনা সংক্রান্তত বিশ্বনাথ জিলা আৰক্ষীৰ এজন কনিষ্টবল প্ৰাণজিৎ বৰাক নিলম্বন কৰা হৈছে বুলি জানিব পৰা গৈছে।

আনহাতে বিশ্বনাথ আৰক্ষীয়ে পলাতক ড্ৰাগছ সৰবৰাহকাৰী পংকজ গুপ্তাৰ সন্ধানত তীব্ৰ অভিযান অব্যাহত ৰাখিছে।পংকজ গুপ্তাৰ পলায়ন সন্দৰ্ভত ইতিমধ্যে বিশ্বনাথ চাৰিআলি আৰক্ষীয়ে এক গোচৰ ৰুজু কৰিছে। ড্ৰাগছ ভৰ্তি কন্টেইনাৰসহ বৃহস্পতিবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল পংকজ গুপ্তাক।