আমিনুৰ ৰহমানৰ সহযোগত ‌‌প্ৰীতী পাৰিক

শিৱসাগৰ : শিৱসাগৰ আৰক্ষীৰ বৃহৎ সাফল্য। শিৱসাগৰ আৰক্ষীৰ অভিযানত জালত পৰিল এজন কুখ্যাত মটৰ চাইকেল চোৰ। আন্তঃৰাজ্যিক মটৰ চাইকেল চুৰি চক্ৰৰ সদস্য কুখ্যাত মটৰ চাইকেল চোৰজন। এখন মটৰ চাইকেল চুৰি কৰাৰ চেষ্টা চলাই জালত পৰে কুখ্যাত মটৰ চাইকেল চোৰজন।

আন্তঃৰাজ্যিক মটৰ চাইকেল চুৰি চক্ৰৰ এজন কুখ্যাত চোৰক হাতেলোটে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে শিৱসাগৰ আৰক্ষী। শিৱসাগৰ নগৰৰ এ টি ৰোডৰ মিলন মন্দিৰৰ সন্মুখত অৱস্থিত ইণ্ডাছইণ্ড বেংকৰ কাষ্টমাৰ ইঞ্চুৰেঞ্চ ডিভিজনৰ কাৰ্যালয়ৰ তলৰ পৰা এখন মটৰ চাইকেল চুৰি কৰিবলৈ চেষ্টা চলাওঁতে জালত পৰে চোৰজন।

বিশ্বজিত ফুকন নামৰ বেংকৰ এজন কৰ্মচাৰীৰ এ এছ-০৪-জেদ-৩১২৩ নম্বৰৰ বাজাজ পালচাৰ ২২০ মটৰ চাইকেলৰ তলা ভাঙি চুৰি কৰি নিছিল কুখ্যাত মটৰ চাইকেল চোৰজন। শিৱসাগৰ আৰক্ষীয়ে স্থানীয় ৰাইজৰ সহযোগত কুখ্যাত মটৰ চাইকেল চোৰজনক খেদি খেদি নগৰৰ এএচটিচি বাছ আস্থানৰ সমীপত আটক কৰে। অৱশ্যে আন এজন মটৰ চাইকেল চোৰ আন্ধাৰৰ সুযোগ লৈ পলায়ন কৰিবলৈ সক্ষম হয়।

নাগালেণ্ডৰ মন জিলাৰ নামচাহ থানাৰ অন্তৰ্গত নমতাহো নিবাসী ৱাংবটা কন্যাক নামৰ মটৰ চাইকেল চোৰজন নামতোলাৰ পৰা আন এজন মটৰ চাইকেল চোৰৰ লগত শিৱসাগৰলৈ আহিছিলে। কুখ্যাত মটৰ চাইকেল চোৰজন আন্তঃৰাজ্যিক মটৰ চাইকেল চুৰি চক্ৰৰ সদস্য বুলি সন্দেহ প্ৰকাশ কৰিছে। মটৰ চাইকেল চোৰজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি তদন্ত আৰম্ভ কৰিছে।