গুৱাহাটী : গৰুখুঁটিৰ উচ্ছেদিত ২০৫১ টা পৰিয়ালক পুনৰ সংস্থাপন দিব চৰকাৰে। দলগাঁও সমষ্টিত পুনৰ সংস্থাপন দিয়া হব গৰুখুটিৰ উচ্ছেদিত ২০৫১ টা পৰিয়ালক। গৰুখুটিৰ উচ্ছেদিত ২০৫১ টা পৰিয়ালক পুনৰ সংস্থাপন দিয়া সন্দৰ্ভত দলগাঁও ৰাজহ চক্ৰৰ কাৰ্যালয়ে জাৰি কৰিছে এক বিবৃতি। প্ৰতিটো পৰিয়ালক ১ বিঘাকৈ ভূমি প্ৰদান কৰা হ’ব। 

দৰং জিলাৰ শিপাঝাৰ সমষ্টিৰ অন্তৰ্গত গৰুখুটিত অবৈধভাৱে চৰকাৰী ভূমিত বসবাস কৰি থকা পৰিয়াল কেইটাক উচ্ছেদ কৰা হৈছিল। এতিয়া এই উচ্ছেদিত ২০৫১ টা পৰিয়ালক পুনৰ সংস্থাপন দিয়াৰ বাবে আগবাঢ়িছে ৰাজ্য চৰকাৰ। উচ্ছেদিত ২০৫১ টা পৰিয়ালক ১ বিঘাকৈ ভূমি অবন্টন দিয়া হ’ব অৰ্থাৎ ২০৫১ টা পৰিয়ালক ২০৫১ বিঘা ভূমি অবন্টন দিয়া হ’ব।

দলগাঁও ৰাজহ চক্ৰৰ কাৰ্যালয়ে জাৰি কৰা এক বিবৃতিত গৰুখুটিৰ উচ্ছেদিত ২০৫১ টা পৰিয়ালক ১ বিঘাকৈ ভূমি অবন্টন দিয়া হ’ব জানিবলৈ দিয়া হৈছে। দলগাঁও ৰাজহ চক্ৰৰ কাৰ্যালয়ে জাৰি কৰা বিবৃতিত কোৱা হৈছে যে ২০৫১ টা পৰিয়ালৰ ভিতৰত প্ৰথম পৰ্যায়ত ৬৩৩ টা পৰিয়ালক দলগাঁৱত সংস্থাপন প্ৰদান কৰা হ’ব আৰু বাকী থকা পৰিয়াল কেইটাক পৰৱৰ্তী পৰ্যায়ত সংস্থাপন কৰা হ’ব।

প্ৰথম পৰ্যায়ত সংস্থাপন প্ৰদান কৰা ৬৩৩ টা পৰিয়ালৰ ভিতৰত, নিজ-শালমাৰা (এটা অংশ) আৰু ১ নং ধলপুৰ (এটা অংশ)ত থকা ৪২৩ টা পৰিয়াল আৰু স্বেচ্ছাই গৰুখুটি ত্যাগ কৰি ব্ৰহ্মপুত্ৰৰ সোঁতৰ দক্ষিণ পাৰত বাস কৰি থকা ২১০ টা পৰিয়ালক সংস্থাপন প্ৰদান কৰা হ’ব। বাকী থকা পৰিয়াল কেইটাক পৰৱৰ্তী সময়ত দলগাঁৱত সংস্থাপন কৰা হ’ব। উল্লেখ্য যে ২০২১ চনৰ ২১ আৰু ২৩ ছেপ্টেম্বৰত দৰং জিলাৰ শিপাঝাৰ সমষ্টিৰ অন্তৰ্গত গৰুখুটিত প্ৰশাসনে উচ্ছেদ অভিযান চলাইছিল।

গৰুখুটিত চৰকাৰী ভূমি দখল কৰি থকা লোক সকলক প্ৰশাসনে উচ্ছেদ চলোৱাৰ সময়ত হিংসাত্মক ঘটনা সংঘটিত হৈছিল। উচ্ছেদকাৰী আৰু আৰক্ষীৰ মাজত হোৱা সংঘৰ্ষত কেইবাজনো আৰক্ষীৰ লোক আহত হোৱাৰ লগতে আৰক্ষীৰ গুলীত বেদখলকাৰী নিহত হৈছিল। এই ঘটনাক কেন্দ্ৰ কৰি ৰাজ্যৰ লগতে সমগ্ৰ দেশ তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিতৰ্কৰ সৃষ্টি হৈছিল। উচ্ছেদিত লোক সকল এতিয়াও উচ্ছেদিত অঞ্চটোৰ কাষত বসবাস কৰি আছে।