গুৱাহাটী : অৱশেষত নগাঁৱৰ পৰা বদলি কৰা হ’ল আনন্দ মিশ্ৰক। নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক তাৎক্ষণিকভাৱে বদলিৰ নিৰ্দেশ দিছে ৰাজ্যৰ গৃহ বিভাগে। নগাঁৱৰ পৰা গুৱাহাটীস্থিত অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ কাৰ্যালয়লৈ বদলি কৰা হৈছে আৰক্ষী বিষয়া গৰাকীক। নগাঁৱৰ প্ৰাক্তন ছাত্ৰ নেতা কীৰ্তি কমল বৰাক নগাঁও আৰক্ষীয়ে গুলীওৱাৰ ঘটনাৰ পিছৰে পৰা চৰ্চিত হৈ আছিল আনন্দৰ মিশ্ৰ।

বুধবাৰে নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক নগাঁৱৰ পৰা তাৎক্ষণিকভাৱে বদলি কৰা হয়। অসমৰ আৰক্ষীৰ সঞ্চালক প্ৰধানৰ কাৰ্যালয়লৈ আনন্দ মিশ্ৰক বদলি কৰিবলৈ জৰুৰীকালীনভাৱে নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বুধবাৰে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই এক সংবাদমেল সম্বোধন কৰাৰ পিছতে আৰক্ষী বিষয়া গৰাকীক বদলি নিৰ্দেশ প্ৰদান কৰা হয়।

উল্লেখ্য যে যোৱা ২২ জানুৱাৰীত নগাঁও আৰক্ষীয়ে প্ৰাক্তন ছাত্ৰ নেতা কীর্তি কমল বৰাক ড্ৰাগছৰ বেহাৰ লগত জড়িত থকাৰ অভিযোগত গুলীয়াইছিল। এই ঘটনাৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ। বিশেষকৈ নগাওঁ আৰক্ষী আৰু নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ তীব্ৰ সমালোচনৰ সন্মুখীন হৈছিল। আনন্দ মিশ্ৰৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছে নগাঁৱৰ ছাত্ৰ সমাজৰ লগতে স্থানীয় ৰাইজ আৰু বিভিন্ন দল-সংগঠন।

অৱশেষত কীৰ্তি কমল বৰাক নগাঁও আৰক্ষীয়ে গুলীওৱা ঘটনাৰ তদন্তৰ দায়িত্ব অৰ্পণ কৰা হৈছিল অতিৰিক্ত মুখ্য সচিব পবন বৰঠাকুৰক। অতিৰিক্ত মুখ্য সচিব গৰাকীয়ে মঙলবাৰে তদন্তৰ প্ৰতিবেদন দাখিল কৰাৰ পিছতে কীৰ্তি কমল বৰাক গুলীওৱা প্ৰদীপ বণিয়া নামৰ আৰক্ষী বিষয়াজনক নিলম্বন কৰা হয়। মুখ্য সচিব পবন বৰঠাকুৰৰ প্ৰতিবেদনৰ পিছতে বুধবাৰে নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই এক সংবাদমেল সম্বোধন কৰে।

বিভিন্ন সময়ত সংবাদ মধ্যমৰ জৰিয়তে নিজকে চৰ্চিত কৰি নায়ক হৈ পৰা নগাঁৱৰ আৰক্ষী অধীক্ষক কীৰ্তি কমল বৰাক নগাঁও আৰক্ষীয়ে গুলীওৱাৰ পিছৰে পৰা খলনায়কলৈ পৰিৱৰ্তন হৈছিল। বিশেষকৈ কীৰ্তি কমল বৰাৰ কবলৰ পৰা ড্ৰাগছ উদ্ধাৰ হোৱা বুলি আনন্দ মিশ্ৰই কৰা মন্তব্যই প্ৰমাণ কৰিছিল যে আৰক্ষী অধীক্ষক গৰাকীয়ে প্ৰদীপ বণিয়াক ৰক্ষণাবেক্ষণ দিয়াৰ চেষ্টা চলাইছিল।

মুখ্য সচিব পবন বৰঠাকুৰৰ তদন্ত প্ৰতিবেদনৰ পিছতো নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই বুধবাৰে সংবাদমেল সম্বোধন কৰি কীৰ্তি কমল বৰা নিৰ্দোষী নহয় বুলি মন্তব্য কৰিছিল। আৰক্ষী অধীক্ষক গৰাকীয়ে লগতে প্ৰশ্ন উত্থাপন কৰিছিল যে কীৰ্তি কমল বৰা কিয় ড্ৰাগছ সৰবৰাহকাৰীৰ লগত আছিল। ইফালে বিভিন্ন দল-সংগঠনে বুধবাৰে নগাঁৱত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আনন্দ মিশ্ৰক নগাঁৱৰ পৰা বদলি কৰাৰ দাবী উত্থাপন কৰি মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান কৰিছিল।