খৈৰাবাৰী : কুখ্যাত অপৰাধী চানফুল আলীৰ মৃত্যু। নদীত পৰি মৃত্যুৰ পৰে কুখ্যাত অপৰাধী চানফুল আলী। আৰক্ষীৰ কবলৰ পৰা পলায়ন কৰিবলৈ নদীত জাঁপ দিছিল চানফুল আলী।

আৰক্ষীৰ কবলৰ পৰা পলায়নৰ চেষ্টা চলাই পুনৰ মৃত্যুৰ মুখত পৰিল এজন কুখ্যাত অপৰাধী চানফুল আলী। এক হত্যাকাণ্ডৰ তদন্ত বাবে আৰক্ষীয়ে চানফুল আলীক লগত লৈ যাওঁতে পলায়নৰ চেষ্টা চলাই চানফুল আলীয়ে নদীত জাঁপ দিছিল।

কুখ্যাত অপৰাধী চানফুল আলীয়ে খৈৰাবাৰীৰ উপনৈত জাঁপ দিয়ে। আৰক্ষীয়ে চানফুল আলীক নদীৰ পৰা উদ্ধাৰ কৰি ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে মৃত ঘোষণা কৰে চানফুল আলীক।

কামৰূপ জিলাৰ হাজোৰ খোপনিকুছিৰ ছফিকুল আলী নামৰ এজন যুৱকৰ অপহৰণ আৰু হত্যাৰ অভিযুক্ত আছিল চানফুল আলী। কিছুদিন পূৰ্বে দুৰ্বৃত্তৰ এটা দলে ছফিকুল আলীক অপহৰণ কৰি পৰৱৰ্তী সময়ত ছফিকুল আলীক হত্যা কৰি ওদালগুৰি জিলাৰ খৈৰাবাৰীত পেলাই থৈছিল।

চানফুল আলী অপহৰণ, ডকাইতি, হত্যাকাণ্ডৰ লগতে বিভিন্ন অপৰাধৰ লগত জড়িত আছিল। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কামৰূপ জিলাৰ কেইবাখনো আৰক্ষী থানাত চানফুল আলীৰ বিৰুদ্ধে গোচৰ ৰুজু হৈ আছিল। চানফুল আলীৰ মৃতদেহ গুৱাহাটী।চিকিৎসা মহাবিদ্যালয় হাস্পতাল লৈ প্ৰেৰণ কৰা হৈছে।