আমিনগাঁও : কামৰূপ জিলাত সমাগত ৭৩ সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ প্ৰস্তুতি সম্পৰ্কত জিলা উপায়ুক্ত কৈলাশ কাৰ্তিক এনৰ সভাপতিত্বত মঙলবাৰে এখন সভা অনুষ্ঠিত হয়। উপায়ুক্তৰ কাৰ্যালয় সভাকক্ষত জিলাখনৰ বিভিন্ন বিভাগৰ বিষয়াসকলৰ উপৰি আৰক্ষী প্ৰশাসন, সামৰিক আৰু অদ্ধৰ্সামৰিক বাহিনীৰ প্ৰতিনিধিসকলৰ উপস্থিতিত আয়োজিত এই সভাত আগন্তুক গণৰাজ্য দিৱস উদযাপন সম্পৰ্কে বিশদভাৱে আলোচনা কৰা হয়।

ক’ভিড পৰিস্থিতি সাপেক্ষে আগন্তুক গণৰাজ্য দিৱসটি ক’ভিডৰ নীতি-নিৰ্দেশনা সম্পূৰ্ণৰূপে মানি আয়োজন কৰা হ’ব বুলি উপায়ুক্তগৰাকীয়ে কয়। আনহাতে গণৰাজ্য দিৱস উদযাপন সাফল্যমণ্ডিত কৰাৰ বাবে সময়মতে প্ৰস্তুতি সম্পূৰ্ণ কৰাৰ অৰ্থে বিভিন্ন বিভাগক নিজৰ নিজৰ দায়িত্বসমূহ আনুষ্ঠানিকভাৱে অৰ্পণ কৰা হয়। সভাত গণৰাজ্য দিৱস উদযাপন উপলক্ষে আয়োজন কৰিবলগীয়া বিভিন্ন কাৰ্যসূচীসমূহ সম্পৰ্কতো বিশদভাৱে আলোচনা কৰা হয়।

উপায়ুক্তগৰাকীয়ে আগন্তুক গণৰাজ্য দিৱস সফলতাৰে উদযাপন কৰাৰ বাবে সকলোকে আন্তৰিকতাৰে কাৰ্য সম্পাদন কৰিবলৈ আহ্বান জনায়। সভাত বিভিন্ন বিভাগ, সামৰিক তথা অদ্ধৰ্সামৰিক বাহিনীৰ প্ৰতিনিধিসকলৰ উপৰি কামৰূপ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া পৰাগ কুমাৰ কাকতি, জিলাখনৰ অতিৰিক্ত উপায়ুক্তসকল ক্ৰমে ধ্ৰুৱজ্যোতি দাস, সিদ্ধাৰ্থ গোস্বামী, প্ৰণৱ দত্ত গোস্বামী আৰু কমল বৰুৱাকে ধৰি জিলা প্ৰশাসনৰ অন্যান্য বিষয়াসকল, জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আছিফ আহমেদ উপস্থিত থাকে।