গুৱাহাটী : বকোত “মিষ্টাৰ কামৰূপ” ২০২২ (Mr. Kamrup) প্ৰতিযোগিতা সম্পন্ন। বহু প্ৰত্যাশিত “মিঃ কামৰূপ ২০২২” প্ৰতিযোগিতাখন ৩ ডিচেম্বৰ , শনিবাৰে নিশা কামৰূপ জিলাৰ বকোত অনুষ্ঠিত হয়। এই প্ৰতিযোগিতাখনৰ পৰা “মিষ্টাৰ অসম”ৰ প্ৰতিযোগিতাৰ বাবে খেলুৱৈ বাচনি কৰা হয়।

এচোছিয়েচন অৱ ব’ডি বিল্ডাৰ্ছ কামৰূপৰ পৰিচালনাত তথা বকো ব’ডি ৱৰ্ল্ড জিমৰ সহযোগত বকোৰ গান্ধী মৈদানত ১৪ সংখ্যক “মিষ্টাৰ কামৰূপ” ২০২২ বৰ্ষৰ শৰীৰচৰ্চা প্ৰতিযোগিতাখন আয়োজন কৰা হয়। ইফালে এচোছিয়েচন অৱ ব’ডি বিল্ডাৰ্ছ কামৰূপৰ সাধাৰণ সম্পাদক মনোৰঞ্জন কলিতাই জনোৱা মতে মিঃ কামৰূপ প্ৰতিযোগিতাত ছিনিয়ৰ, জুনিয়ৰ, মাষ্টাৰ্ছ শাখাত খেল অনুষ্ঠিত হোৱাৰ উপৰি মেন ফিটনেছ আৰু মহিলাৰ বাবে মিছ ফিটনেছ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।

জানিব পৰা মতে বকোত আয়োজন কৰা “মিষ্টাৰ কামৰূপ” প্ৰতিযোগিতাত শ্ৰেষ্ঠত্ব প্ৰদৰ্শন কৰা খেলুৱৈক অহা ১৭ ডিচেম্বৰত ওদালগুৰিত অনুষ্ঠিত হ’ব লগা “মিষ্টাৰ অসম” প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ বাচনি কৰা হৈছে। “বকো জে ডি ব’ডি ৱৰ্ল্ড”ৰ অধ্যক্ষ মনোৰঞ্জন কলিতাই জনাই যে “মিষ্টাৰ কামৰূপ” প্ৰতিযোগিতাত মিষ্টাৰ ইউনিৰ্ভাছ মহাদেৱ ডেকা আৰু মাষ্টাৰ্ছ মিষ্টাৰ ইণ্ডিয়া নিৰঞ্জন কুমাৰ, ৰাজ্যিক সম্পাদক মনোৰঞ্জন শৰ্মাকে ধৰি বহু শৰীৰচৰ্চাবিদে অংশগ্ৰহণ কৰে।

বকোৰ যুৱ সাংবাদিক গোবিন্দ দলৈয়ে আঁত ধৰা অনুষ্ঠানত প্ৰায় শতাধিক শৰীৰচৰ্চাবিদে বিভিন্ন শাখাত প্ৰতিদ্বন্দ্বিতা কৰে। ইফালে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ উপাধ্যক্ষ সহ কাৰ্য্যবাহী পাৰিষদ মণ্ডলীৰ একাধিক পাৰিষদ উপস্থিত থকা শৰীৰচৰ্চা প্ৰতিযোগিতা নিশালৈ অব্যাহত থাকে।