বৰহাট,৯ ছেপ্তেম্বৰঃ চৰাইদেউৰ সোণাৰিৰ বৰুৱাচালি মৌজাৰ অন্তৰ্গত বৰহাট গাওঁ পঞ্চায়তৰ কেবাখনো গাঁৱৰ লোকে এখন দলঙৰ বাবে দুৰ্ভোগ ভূগিবলগীয়া হৈছে। চৰাইদেউ আৰু ডিব্ৰুগড় জিলাক সংযোগ কৰা লালপাগুড়ি ঘাটৰ একমাত্ৰ বাঁহৰ দলংখন পকীকৰণ নকৰাত দৈনিক শতাধিক ছাত্ৰ-ছাত্ৰীৰ লগতে সহস্ৰাধিক লোকে মাত্ৰ এখন টুলুঙা নাৱেৰে সংকটজনক ভাবে যাতায়ত কৰিবলগীয়া হৈছে। পূৰ্ব্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত সোণাৰি সমষ্টিৰ বিধায়ক শৰৎ বৰকটকীয়ে ২০১১-১২ চনত বিশেষ সাহাৰ্য্য পুঁজিৰে এখন পকী দলং নিৰ্মাণৰ বাবে ২০১২ বৰ্ষৰ আৰম্ভণিতে আধাৰশিলা স্থাপন কৰি  ২০১৪ বৰ্ষৰ পৰা যাতায়তৰ সুচল হোৱাৰ প্ৰতিশ্ৰুতি দিছিল৷ কিন্তু প্ৰতিশ্ৰুতি প্ৰতিশ্ৰুতিৰ মাজতে আৱদ্ধ থাকিল৷ পকী দলংখন নিৰ্মাণৰ কাম বৰ্তমানলৈ সম্পূৰ্ণ নহ’ল৷ দলং খনৰ নিৰ্মাণৰ দায়িত্ব লাভ কৰা ডিব্ৰুগড়ৰ নামৰূপৰ জনৈক শইকীয়াই অত্যাধুনিক সা-সৰঞ্জাম  ব্যৱহাৰৰ পৰিবৰ্তে আওপুৰণি সা-সৰঞ্জামেৰে লেহেমীয়া গতিৰে কাম আৰম্ভ কৰাত দলংখনৰ নিৰ্মাণৰ কাম বৰ্তমানলৈ সৰ্ম্পূণ নোহোৱাৰ স্থানীয় লোকে অভিযোগ উত্থাপন কৰিছে৷ স্থানীয় লোকে শীঘ্ৰে পকী দলং খন নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক  দাবী জনাইছে। উল্লেখ্য যে, প্ৰতিবছৰে বাঢ়নি পানীয়ে বাঁহেৰে নিৰ্মাণ কৰা দলংখন উটুৱাই নিয়াত লক্ষাধিক টকা নষ্ট হোৱাৰ লগতে সৰ্বসাধাৰণেও দুৰ্ভোগ ভূগিবলগীয়া হয়৷ শেষতীয়াকৈ যোৱা ১০ জুলাইত নদীৰ বাঢ়নি পানীয়ে পুনৰ একমাত্ৰ বাঁহৰ দলংখন উটুৱাই নিয়াত বৰহাট গাওঁ পঞ্চায়তৰ পাণবাৰী, নলনিপথাৰ, উত্তৰ চোমদাৰ, নগাশিলনী, নেপালীখুটীৰ স্থানীয় লোকে মাত্ৰ এখন টুলুঙা নাৱেৰে সংকটজনক যাতায়ত কৰিবলগীয়া হৈছে। বৃহত্তৰ অঞ্চলটোৰ স্থানীয় লোকে অচিৰেই পকী দলংখন নিৰ্মাণৰ কাম সম্পূৰ্ণ নকৰিলে আগন্তুক পঞ্চায়ত নিৰ্বাচন বৰ্জন কৰাৰ হুংকাৰ দিছে।