গুৱাহাটী : প্ৰতিদিনে ৰাজ্যত বৃদ্ধি পাই আছে ক’ভিড আক্রান্তৰ সংখ্যা। বুধবাৰৰ দিনটোত ৰাজ্যত ৮ হাজাৰ ৩৩৯ জন লোক নতুনকৈ আক্রান্ত হৈছে ক’ভিডত। মৃত্যুৰ হৈছে ১৫ জনকৈ ক’ভিড ৰোগীৰ। ইয়াৰ পৰিবৰ্তে সুস্থ হৈ উঠা ৰোগীৰ সংখ্যা হৈছে ২ হাজাৰ ৭২৩ জন। মাংলবাৰৰ তুলনাত বুধবাৰে ৰাজ্যত বৃদ্ধি পাইছে ক’ভিড আক্রান্তৰ সংখ্যা।

ৰাজ্যত অধিক ভয়াবহভাৱে বৃদ্ধি পাবলৈ ধৰিছে ক’ভিড আক্ৰান্তৰ সংখ্যা। বুধবাৰৰ দিনটোত ৰাজ্যত ১২.৮৯ শতাংশলৈ বৃদ্ধি পাইছে সংক্ৰমণৰ হাৰ। বুধবাৰৰ দিনটোত ৰাজ্যত মুঠ ৬৪ হাজাৰ ৬৯৯ জন লোকৰ ক’ভিড পৰীক্ষা কৰা হৈছে আৰু ইয়াৰে ৮ হাজাৰ ৩৩৯ জনৰ দেহত ধৰা পৰে ক’ভিডৰ অৱস্থিতি।

আনহাতে এই সময়ছোৱাত ৰাজ্যত মৃত্যুৰ মুখত পৰে ১৫ জন ক’ভিড আক্রান্ত লোক। বুধবাৰে ৰাজ্যত ক’ভিডৰ পৰা সুস্থ হৈ উঠা লোকৰ সংখ্যা হৈছে ২ হাজাৰ ৭২৩ জন। বুধবাৰৰ দিনটোত সৰ্বাধিক লোক ক’ভিডত আক্রান্ত হৈছে কামৰূপ মহানগৰ জিলাত। ১ হাজাৰ ৯২৯ জন লোক কামৰূপ মহানগৰ জিলাত বুধবাৰে নতুনকৈ ক’ভিডত আক্রান্ত হয়।

কামৰূপ মহানগৰ জিলাৰ পিছতে আছে ডিব্ৰুগড় জিলা। ডিব্ৰুগড়ত আক্রান্ত হৈছে ৫১৩ জন লোক। ইয়াৰ পৰিবৰ্তে যোৰহাট জিলাত ৪১৪ জন আৰু কাছাৰ জিলাত ৩৯৬ জন লোক আক্রান্ত হৈছে। মৃত্যুৰ মুখৰ পৰা ১৫ জনৰ ভিতৰত ৩ জন লোক শোণিতপুৰ জিলাৰ, ২ জনকৈ লোক গোলাঘাট আৰু যোৰহাট জিলাৰ আৰু ১ জনকৈ লোক ডিব্ৰুগড়, বঙাইগাঁও, কাছাৰ, বাক্সা, দৰং, হাইলাকান্দি, মৰিগাঁও আৰু তিনিচুকীয়া জিলাৰ।