আজিজ আলী

মুকালমুৱা : নলবাৰী জিলাৰ মুকালমুৱা ২ নং কাপলাবড়িৰ এগৰাকী ১৯ বছৰীয়া যুৱতী নাৰী সৰবৰাহকাৰী চক্ৰৰ কৱলত। সম্প্ৰতি যুৱতী গৰাকী ৰাজস্থানত অসহায় জীৱন অতিবাহিত কৰিছে৷ অসহায় যুৱতী গৰাকীৰ দৰিদ্ৰ পিতৃ-মাতৃয়ে সদৰী কৰিছে এই কথা। আৰক্ষীয়ে যুৱতী গৰাকীক উদ্ধাৰ কৰাৰ বাবে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ পিতৃৰ।

অসহায় যুৱতী গৰাকীক ৰাজস্থানৰ এটা পৰিয়ালৰ ওচৰত ১ লাখ ৮০ হেজাৰ টকাত বিক্ৰী কৰা বুলি যুৱতী গৰাকীয়ে পিতৃ-মাতৃক ফোনযোগে সমগ্ৰ ঘটনা অৱগত কৰিছে বুলি জানিবলৈ দিয়ে যুৱতী গৰাকীৰ পিতৃয়ে৷ যুৱতী গৰাকীৰ পিতৃয়ে মঙলবাৰে সংবাদ মাধ্যমত সদৰী কৰা মতে প্ৰায় তিনি মাহ পূৰ্বে যুৱতী গৰাকীয়ে কাপলাবড়ি চ’ক বজাৰত থকা বেংকলৈ গৈছিল৷ যুৱতী গৰাকী তেতিয়াৰে পৰা সন্ধানহীন হৈ আছিল।

বেংকলৈ যোৱা সময়ত যুৱতী গৰাকীক মুকালমুৱাৰ বৰলিয়াপাৰ গাঁৱৰ নজৰুল আলী নামৰ আত্মীয় যুৱক এজনে প্ৰলোভন দেখুৱাই মুকালমুৱালৈ লৈ আনিছিল৷ পৰবৰ্তী সময়ত নজৰুল আলীয়ে বৰপেটাৰ চাইফ আলী নামৰ অন্য এজন যুৱকৰ সহায়ত যুৱতী গৰাকীক ৰে’লেৰে ৰাজস্থানলৈ লৈ যায় বুলি ৰাজস্থানৰ পৰা ফোনযোগে যুৱতী গৰাকীয়ে পিতৃক জানিবলৈ দিছিল বুলি পিতৃয়ে প্ৰকাশ কৰে।

ৰাজস্থানত নজৰুল আলী আৰু চাইফ আলীয়ে যুৱতী গৰাকীক ১ লাখ ৮০ হেজাৰ টকাত বিক্ৰী কৰে বুলি অসহায় যুৱতী গৰাকীয়ে পিতৃক কান্দি কান্দি অবগত কৰোৱাৰ কথা জানিবলৈ দিয়ে যুৱতীগৰাকীৰ পিতৃয়ে৷ ঘটনা পোহৰলৈ অহাৰ পিছতেই যুৱতী গৰাকীৰ পিতৃয়ে ঘটনা সংক্ৰান্তত মুকালমুৱা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল যদিও যুৱতী গৰাকীক উদ্ধাৰৰ বাবে আৰক্ষীয়ে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে যুৱতী গৰাকীৰ পিতৃয়ে।