নেকিব আহমেদ

যোৰহাট : দুই গভাইট চোৰ আৰক্ষীৰ জালত। যোৰহাট আৰক্ষীৰ জালত ৫ লাখ ৫ হাজাৰ ৫ শ টকাসহ দুই গভাইট চোৰ। যোৰহাটৰ এজন ব্যৱসায়ীৰ ঘৰৰ গ্ৰীল ভাঙি গভাইট চোৰ দুজনে লুটি নিছিল টকাখিনি।

যোৰহাট আৰক্ষীৰ বৃহৎ সাফল্য। যোৰহাট আৰক্ষীয়ে এক বিশেষ অভিযান চলাই দুই গভাইট চোৰক জালত পেলাবলৈ সক্ষম হৈছে। গভাইট চোৰ দুজনৰ পৰা যোৰহাট আৰক্ষীয়ে জব্দ কৰিছে ৫ লাখ ৫ হাজাৰ ৫ শ টকা।

ধৃত চোৰ দুজন যোৰহাটৰ শুৱনিগাঁৱৰ মধু নাথ আৰু প্ৰণৱ হাজৰিকা। এই চোৰ দুজনে যোৱা তিনি আগষ্টৰ নিশা যোৰহাট নগৰৰ ভোগদৈ দলঙৰ সমীপৰ বৰিগাঁৱত সংঘটিত হোৱা এক চঞ্চল‍্যকৰ চুৰিকাণ্ডৰ লগত জড়িত আছিল।

যোৱা ৩ আগষ্টৰ নিশা সুৰেশ শৰ্মা নামৰ এজন ব্যৱসায়ীৰ ঘৰৰ গ্ৰীল ভাঙি চোৰ দুজনে লুটি নিছিল ৯ লাখ ২০ হাজাৰ টকা। তাৰ পাছৰে পৰা যোৰহাট আৰক্ষী আৰু ভোগদৈ আৰক্ষীয়ে চুৰিকাণ্ড সংঘটিত কৰা চোৰ কেইজনৰ সন্ধানত তীব্ৰ অভিযান আৰম্ভ কৰিছিল।

অৱশেষত সোমবাৰে আৰক্ষীয়ে দুজন চোৰক গ্ৰেপ্তাৰ কৰাৰ লগতে চুৰি হোৱা ৯ লাখ ২০ হাজাৰ টকাৰ ৫ লাখ ৫ হাজাৰ ৫ শ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। যোৰহাট আৰক্ষীয়ে ১৬৭৭ নম্বৰত গোচৰ ৰুজু কৰি ভাৰতীয় দণ্ডাবিধি ৪৫৭/৩৮০ ধাৰা অনুসৰি গ্ৰেপ্তাৰ কৰিছে ধৃত চুৰ দুজনক।