গুৱাহাটী : মহানগৰী গুৱাহাটীত জব্দ বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী। গড়চুক আৰক্ষীৰ অভিযানত জব্দ হয় বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰীখিনি। মেঘালয়ৰ পৰা আনিছিল বিস্ফোৰক সামগ্ৰীখিনি। মহানগৰীৰ ৰাণী অভিমুখে বিস্ফোৰক সামগ্ৰীখিনি নিয়াৰ পথত আৰক্ষীয়ে জব্দ কৰে।

মহানগৰী গুৱাহাটীৰ গড়চুক আৰক্ষীয়ে এক বৃহৎ সাফল্য লাভ কৰিছে। গড়চুক আৰক্ষীয়ে এক অভিযান চলাই বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে। চুবুৰীয়া ৰাজ্য মেঘালয়ৰ ৰাজধানী শ্বিলঙৰ পৰা এখন বাহনত বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী মহানগৰীৰ কাষৰীয়া ৰাণীলৈ নি থকা অৱস্থাত গড়চুক আৰক্ষীয়ে ফিস্ফোৰক সামগ্ৰীখিনি জব্দ কৰে।

এএছ -১৫-এচি-৪৮৬৭ নম্বৰৰ এখন বলেৰ’ পিক আপ বাহনেৰে বিস্ফোৰক সামগ্ৰীখিনি নি থকা অৱস্থাত আৰক্ষীয়ে বাহনখনত তালাচী চলাই বিস্ফোৰক সামগ্ৰীখিনি জব্দ কৰে। জব্দকৃত বিস্ফোৰক সামগ্ৰীখিনিত আছে ১৫ কোটি টকা মূল্যৰ জিলেটিন ষ্টিক। আইএছবিটিত ওচৰত গড়চুক আৰক্ষীয়ে এই বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰীখিনি জব্দ কৰে।

বলেৰ’ পিক আপ বাহনখনত বিস্ফোৰক সামগ্ৰী লৈ অহা দুজন লোককো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ধৃত লোক দুজন হৈছে আইনুল আলী আৰু ৰহিম বাদশ্বাহ। আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে যে এই বিস্ফোৰক সামগ্ৰীখিনি সৰবৰাহৰ মূল অভিযুক্ত কামৰূপ জিলাৰ ছয়গাঁৱৰ অন্তৰ্গত গৰৈমাৰীৰ কাদেম আলী নামৰ এজন লোক।

ইফালে আৰক্ষীয়ে এই বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰীসহ বলেৰ’ পিক আপ বাহনখন জব্দ কৰি সৰবৰাহকাৰী দুজনক গ্ৰেপ্তাৰ কৰাৰ পিছতে আছাদুল ইছলাম নামৰ এজন লোকে আৰক্ষীক ৩০ হাজাৰ টকাৰ বিনিময়ত বাহনখন মুকলি কৰি দিয়াৰ বাবে উৎকুচ দিবলৈ আহি গ্ৰেপ্তাৰ হয়। জানিব পৰা মতে আছাদুল ইছলামক কাদেম আলীয়ে বাহনখন মুকলি কৰি নিয়াৰ বাবে পঠিয়াইছিল। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।