আজিজ আলী

মুকালমুৱা : মুকালমুৱা ৰঘুনাথ চৌধুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ। বিদ্যালয়খনৰ বহু কেইগৰাকী ছাত্ৰ-ছাত্ৰীক অনুত্তীৰ্ণ কৰি দিয়াৰ অভিযোগত প্ৰতিবাদ। হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিদ্যালয়খনৰ ৪১ গৰাকী ছাত্ৰ-ছাত্ৰী অনুত্তীৰ্ণ হৈছে।

এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাত মুঠ ৮৪ গৰাকী ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছিল ৰঘুনাথ চৌধুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা। গ্ৰেছ মাৰ্ক নোহোৱাৰ বাবেই প্ৰথম বিভাগ, দ্বিতীয় বিভাগ আৰু তৃতীয় বিভাগৰ মুঠ নম্বৰ পোৱা বহু ছাত্ৰ-ছাত্ৰী অনুত্তীৰ্ণ হৈছে।

বিদ্যালয়খনৰ বহু ছাত্ৰ-ছাত্ৰীয়ে প্ৰথম বিভাগৰ নম্বৰ লাভ কৰিও কেৱল বিজ্ঞান বিষয়ত ২৭ নম্বৰ নোপোৱাৰ বাবেই অনুত্তীৰ্ণ হৈছে। এতিয়া অকল বেয়া হোৱা বিষয়ৰ লগতে আন সকলোবোৰ বিষয়ত পৰীক্ষাত বহিব লাগিব বুলি ঘোষণা কৰাত বিমোৰত পৰিছে ছাত্ৰ-ছাত্ৰী সকল।

অনুত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী সকলে এতিয়া সকলোবোৰ বিষয়ত পৰীক্ষা দিব লগীয়া হোৱাত ক্ষোভ প্ৰকাশ কৰিছে ছাত্ৰ-ছাত্ৰী সকলে। উল্লেখ্য যে ক’ভিডসৃষ্ট পৰিৱেশৰ বাবে এইবাৰ অনুষ্ঠিত কৰা হোৱা নাই হাইস্কুল শিক্ষান্ত, হাই মাদ্ৰাছা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা।