নিউজ ডেস্ক : টকিঅ’ অলিম্পিকত দেওবাৰে ইতিহাস ৰচিলে ভাৰতৰ ষ্টাৰ মহিলা শ্বাটলাৰ পি ভি সিন্ধুৱে। অলিম্পিকত ব্যক্তিগত শাখাত দুটাকৈ পদক অৰ্জন কৰা ভাৰতৰ প্ৰথম গৰাকী মহিলা খেলুৱৈ হোৱাৰ গৌৰৱ অর্জন কৰিলে পি ভি সিন্ধুৱে। দেওবাৰে টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ পিছতে পি ভি সিন্ধু অলিম্পিকত দুটা পদক অৰ্জন কৰা ভাৰতৰ প্ৰথম গৰাকী মহিলা খেলুৱৈ হৈ পৰে।

ইয়াৰ পূৰ্বে পি ভি সিন্ধু ২০১৬ চনত ৰিঅ’ অলিম্পিকত ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিল। টকিঅ’ অলিম্পিকত ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম নহলেও পি ভি সিন্ধুৱে ব্ৰঞ্জৰ পদক অৰ্জন কৰি ইতিহাস ৰচিবলৈ সক্ষম হয়। টকিঅ’ অলিম্পিকত দেওবাৰে চীনা শ্বাটলাৰ বিংজীআও পৰাস্ত কৰি পি ভি সিন্ধুৱে ব্ৰঞ্জৰ পদক অৰ্জন কৰে। চীনা শ্বাটলাৰ গৰাকীক ভাৰতৰ ষ্টাৰ শ্বাটলাৰ পি ভি সিন্ধুৱে ২১-১৩, ২১-১৫ ত পৰাস্ত কৰে।

টকিঅ’ অলিম্পিকত পদক অৰ্জন কৰাৰ পিছতে পি ভি সিন্ধু অলিম্পিকৰ ব্যক্তিগত শাখাত দুটা পদক অৰ্জন কৰা ভাৰতৰ প্ৰথম প্ৰথম গৰাকী মহিলা খেলুৱৈ হৈ পৰে। উল্লেখ্য যে ৰিঅ’ অলিম্পিকত ৰূপৰ পদক অৰ্জন কৰা পি ভি সিন্ধু টকিঅ’ অলিম্পিকত ছেমি ফাইনেলত পৰাজয়ৰ মুখ দেখিবলগীয়া হয়।

শনিবাৰে টকিঅ’ অলিম্পিকৰ ছেমি ফাইনেলৰ খেলত পৰাস্ত হৈছিল পি ভি সিন্ধু। চাইনীজ টাইপেইন শ্বাটলাৰ টাই ঝু য়ংৰ হাতত শনিবাৰে পৰাস্ত হৈছিল ভাৰতৰ শ্বাটলাৰ গৰাকী। চাইনীজ টাইপেইন শ্বাটলাৰ টাই ঝু য়ংৰ হাতত পি ভি সিন্ধু ১৮-২১, ১২-২১ ত পৰাস্ত হৈছিল। অৱশ্যে দেওবাৰে ব্ৰঞ্জৰ পদকৰ বাবে যুঁজত নামি বিজয়ী সাব্যস্ত কৰি ইতিহাস ৰচিবলৈ সক্ষম হয় পি ভি সিন্ধু।