মুকালমুৱা, ৬ জুলাইঃ ঠিকাদাৰৰ মইমতালী তথা চূড়ান্ত গাফিলতিৰ ফলত বৰক্ষেত্ৰীত যাত্ৰীসহ  দ‘ খাৱৈত বাগৰিল এখন এল্টো৷ প্ৰাপ্ত তথ্য অনুসৰি, বৰক্ষেত্ৰীৰ কাপলাবড়ীৰ পৰা সৰুক্ষেত্ৰীৰ কাঁহ-শিল্পী নগৰী সৰ্থেবাৰীলৈ যোৱা উক্ত পথচোৱাৰ বেকাট্টাৰীত দলং নিৰ্মানৰ কাম গড়কাপ্তানী বিভাগে অতি নিম্ন মানৰ ঠিকাদাৰৰ হতুৱাই কৰোৱাইছিল। যাৰ কাৰণে পথটোত বহু ক্ৰুতি আছিল। ইয়াৰ ফলত সৰ্বসাধাৰণে বিভিন্ন সময়ত নানান অসুবিধাৰো সন্মুখীন হ’বলগা হৈছে। বিশেষকৈ বৰক্ষেত্ৰী আৰু সৰুক্ষেত্ৰী ৰাইজক উক্ত দলং খনে বিগত ছয় মাহত জ্বলা-কলা খুৱাই আহিছে৷ পথটোৰ বিসংগতিৰ ফলতে আজি এনে এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় ৷ ঘটনাস্থলীত উপস্থিত স্থানীয় লোক সকলে ততাতৈয়াকৈ গাড়ীখনৰ পৰা যাত্ৰী কেইজনক উদ্ধাৰ কৰে। পিছত দুৰ্ঘটনাগ্ৰস্থ এল্টো গাড়ীখন ট্ৰেঙ্কাৰে পানীৰ পৰা তুলি অনা হয়৷ জানিব পৰা মতে দুৰ্ঘটনাত কোনোলোক হতাহত হোৱা নাই।