নাজিৰা, ৩০জুলাইঃ নাজিৰা মহকুমা প্ৰশাসনৰ উদ্যোগত আৰু নাজিৰা মহিলা কোষৰ সহযোগত লাকুৱা চাহ বাগিছাত মহকুমাধিপতি ড০ সাদনেক সিঙে প্ৰত্যাশা শীৰ্ষক এখন স্বাস্থ্য সজাগতা মূলক কাৰ্যসূচী মুকলি কৰে৷ অনুষ্ঠানত লাকুৱা চাহ বাগিছাৰ সাতশৰো অধিক মহিলাক বিভিন্ন সামাজিক, অৰ্থনৈতিক তথা সম্পতিগত অধিকাৰৰ  বিষয়ে অৱগত কৰা হয়। অনুষ্ঠানৰ লগত সংগতি ৰাখি এটা বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিৱিৰ অনুষ্ঠিত কৰি বাগিচাৰ গৰ্ভৱতী  মহিলাসকলৰ স্বাস্থ্য পৰীক্ষা কৰোৱায়। এই কাৰ্যসূচীত মহকুমাধিপতি ড০ সাদনেক সিঙে বাল্য বিবাহৰ কুফল আৰু অপৰিপক্ক বয়সত প্ৰসুতিৰ মৃত্যুৰ কাৰণ সন্দৰ্ভত বিস্তৃত বিৱৰণ দাঙি ধৰে৷