গুৱাহাটী : সাতগাঁও আৰক্ষী থানাৰ কাষতে থকা ১৯ নং হাউচত সংঘটিত হৈছে অঘটন। ঘৰৰ ভিতৰত চিলিং ফেনত ওলমি আছিল এজন লোকৰ মৃতদেহ, কাষতে পৰি আছিল লোকজনৰ পুত্ৰৰ মৃতদেহ আৰু মৃত্যুৰ সৈতে যুঁজি আছিল পত্নী। সাতগাঁও আৰক্ষী থানাৰ কাষতে থকা ১৯ নং হাউচত বসবাস কৰি আছিল ভাৱেশ শৰ্মাৰ পৰিয়াল।

এক চাঞ্চল্যকৰ ঘটনাই জোকাৰি গৈছে মহানগৰীৰ সাতগাঁও অঞ্চল। সাতগাঁও আৰক্ষী থানাৰ কাষতে থকা ১৯ নং হাউচত সংঘটিত হৈছে এক লোমহৰ্ষক ঘটনা। ১৯ নং হাউচত বসবাস কৰা ভাৱেশ শৰ্মাই ঘৰৰ ভিতৰতে নিজ পুত্ৰক হত্যা কৰি আত্মহত্যা কৰে। ভাৱেশ শৰ্মাই ছুৰীৰে পুত্ৰৰ ডিঙি কাটি পত্নীকো ডিঙিত আক্ৰমণ কৰি নিজে ফেনত চিপ লৈ আত্মহত্যা কৰে।

শুকুৰবাৰে নিশাৰ ভাগত এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। কাৰণ শনিবাৰে পুৱাৰ পৰা দুপৰীয়া পৰ্যন্ত ১৯ নং হাউচৰ পৰা কোনো এজন লোককে স্থানীয় লোকে ওলাই অহা প্ৰত্যক্ষ কৰা নাছিল। ইয়াৰ পিছতে এজন স্থানীয় লোকে ঘৰৰ দুৱাৰ খুলি ঘৰৰ ভিতৰত প্ৰত্যক্ষ কৰে এক ভয়াবহ দৃশ্য।

স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়াত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ভাৱেশ শৰ্মা আৰু তেওঁৰ পুত্ৰ পৰাগ শৰ্মাক মৃত অৱস্থাত উদ্ধাৰ কৰে। অৱশ্যে ভাৱেশ শৰ্মাৰ পত্নী হিমাদ্রি শৰ্মাক আৰক্ষীয়ে সংকটজনক অৱস্থাত উদ্ধাৰ কৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত প্ৰেৰণ কৰে।

অতিকৈ সংকটজনক অৱস্থাত হিমাদ্রি শৰ্মা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যুৰ সৈতে যুঁজি আছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। একাংশ স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে আৰ্থিক দৈন্যতাৰ বাবাই ভাৱেশ শৰ্মাই এই ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে।