চিপাঝাৰ : অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আদি দপ্তৰৰ মন্ত্ৰী তথা ৰাজ্য চৰকাৰৰ মুখপাত্ৰ পীযুষ হাজৰীকাই শনিবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে দৰং জিলাৰ চিপাঝাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত গৰুখুটীত উপস্থিত হৈ উক্ত স্থানত বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত আৰম্ভ হোৱা কৃষি প্ৰকল্পৰ কামসমূহ দৰ্শন কৰে আৰু বিধায়কগৰাকীৰ সৈতে আলোচনাতো মিলিত হয়। উপস্থিত সাংবাদিকৰ আগত মন্তব্য প্ৰকাশ কৰি মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে গৰুখুটীৰ কৃষি প্ৰকল্পস্থলীত জ্যেষ্ঠ বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত আৰম্ভ হোৱা কৃষিকাৰ্য চাবলৈ আহি তেঁও অত্যন্ত সুখী হৈছে।

গৰুখুটীত অসমীয়া যুৱতীয়ে ট্ৰেক্টৰৰ সহায়ত মাটি চহোৱা দৃশ্য দেখি আনন্দত অভিভূত হৈ পৰা মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে যে অসমীয়া যুৱক-যুৱতীয়ে এনেদৰে হাতে কামে কৃষিকৰ্মত লাগি পৰাটো জাতিটোৰ বাবেই অত্যন্ত সুখৰ খবৰ, অসমীয়া যুৱক-যুৱতীয়ে এনেদৰে খেতি কৰাৰ প্ৰয়োজনৰ বিষয়ে গৰুখুটীৰ পৰাই সকলোলৈ এটা বাৰ্তা যোৱা উচিত। মন্ত্ৰী গৰাকীয়ে উক্ত কৃষি প্ৰকল্পৰ সৈতে জড়িত হৈ থকা সকলো কৰ্মী তথা স্থানীয় যুৱক-যুৱতীৰ উচ্চাসৰ শলাগ লয়। আনহাতে অঞ্চলটোত প্ৰায় ৭০ হাজাৰ বিঘা চৰকাৰী মাটি এমুঠি মুষ্টিমেয় মানুহে অবৈধভাৱে দখল কৰি থকা কথাটো উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে কয় যে গণতান্ত্ৰিক প্ৰমূল্যবোধ থকা নিৰ্বাচিত চৰকাৰ এখনে এনেদৰে চৰকাৰী মাটি অবৈধভাৱে দখল কৰি থকা কথাটো কোনোপধ্যে মানি লব নোৱাৰে।

উল্লেখযোগ্য যে হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী ৰূপে দায়িত্ব গ্ৰহণ কৰাৰ পিছতেই চিপাঝাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত গৰুখুটী অঞ্চলত ৰাজ্যৰ ভিতৰতেই লেখত লবলগীয়া এক কৃষি প্ৰকল্পৰ পৰিকল্পনা হাতত লয় আৰু উক্ত পৰিকল্পনাক বাস্তৱ ৰূপ দিবলৈ বিধায়ক পদ্ম হাজৰিকাৰ সভাপতিত্বত এখন সমিতি গঠন কৰি দিয়ে। সমিতিৰ দায়িত্ব গ্ৰহণ কৰিয়েই বিধায়ক পদ্ম হাজৰিকাই হাতে-কামে লাগি এই প্ৰকল্পৰ প্ৰাৰম্ভিক ভেটি বহুখিনি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। বিধায়ক পদ্ম হাজৰিকা আৰু পৰমানন্দ ৰাজবংশীয়ে দিনে ৰাতিয়ে এই কৃষি প্ৰকল্পত লাগি থকাৰ কথা উল্লেখ কৰি মন্ত্ৰী পীযুষ হাজৰীকাই তেঁওৰ ভ্ৰমণকালত কয় যে পদ্ম হাজৰীকাৰ নেতৃত্বত এই কৃষি প্ৰকল্পৰ কামে সফলতা লাভ কৰিব বুলি তেঁও বিশ্বাসী আৰু মুখ্যমন্ত্ৰীৰ নিৰ্দেশমতেই তেঁও বিধায়ক দুজনৰ কৃষিকৰ্মৰ খবৰ লবলৈ গৰুখুটীলৈ আহিছে।