গুৱাহাটী, ২৬ জুন, ২০২৩ : কোৰিয়া আৰু ভাৰতৰ কূটনৈতিক সম্পৰ্কৰ ৫০ বছৰীয়া জয়ন্তী (India-Korea Relationship) উপলক্ষে এল জি ইলেক্ট্ৰনিকছৰ সহযোগত কোৰিয়ান কালচাৰেল চেণ্টাৰ ইণ্ডিয়াই আয়োজন কৰিছে “অল ইণ্ডিয়া কেপিঅ’পি কনটেষ্ট ২০২৩’। গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহত আয়োজিত আঞ্চলিক ৰাউণ্ডত ১৯ টা দলে (০৯ টা নৃত্য আৰু ১০ টা কণ্ঠ) অতি উদ্যম আৰু উল্লাসেৰে অংশগ্ৰহণ কৰে। সভাস্থলীত উপস্থিত থকা কে-ফেনসকলে তেওঁলোকক উৎসাহিত কৰা দেখিবলৈ পোৱা যায়।

এই প্ৰতিযোগিতাখন সমগ্ৰ ভাৰতত প্ৰায় ছমাহ সময়ৰ ভিতৰত চাৰিটা ৰাউণ্ড ক্ৰমে অনলাইন, আঞ্চলিক, ছেমি ফাইনেল আৰু গ্ৰেণ্ড ফিনালে অনুসৰি অনুষ্ঠিত হয়; ২৬ এপ্ৰিলৰ পৰা ১৩ মে’লৈ অনুষ্ঠিত হোৱা অনলাইন কোৱালিফায়াৰ ৰাউণ্ডত সমগ্ৰ ভাৰতৰ ১১,০৭১ টা দলে অংশগ্ৰহণ কৰিছিল, যাক ভাৰতত প্ৰতিযোগিতাখন আৰম্ভ হোৱাৰ পিছত (২০১১) সৰ্বাধিক অংশগ্ৰহণ হিচাপে অভিহিত কৰিব পাৰি। অনলাইন প্ৰিলিমিনাৰীৰ পৰা নিৰ্বাচিত অংশগ্ৰহণকাৰীসকলে ১১ খন চহৰত অনুষ্ঠিতব্য আঞ্চলিক ৰাউণ্ডত অংশগ্ৰহণ কৰিব।

কোৰিয়ান কালচাৰেল চেণ্টাৰ ইণ্ডিয়াৰ পৰিচালক হৱাং ইল-য়ঙে কয় যে কে-পপ কেৱল কোৰিয়ান পপ সংগীতেই নহয়, বৰঞ্চ ই এতিয়া সমগ্ৰ বিশ্বৰ মানুহক সংযোগ কৰাৰ এটি মাধ্যমত পৰিণত হৈছে। ভাৰততো কে-পপ ভালপোৱা বহু প্ৰতিভাশালী যুৱক-যুৱতী আছে।কোৰিয়া-ভাৰতৰ কূটনৈতিক সম্পৰ্কৰ ৫০ বছৰীয়া স্মৃতিত আমি এনে এখন মঞ্চ গঢ়ি তুলিব বিচাৰিছো য’ত কোৰিয়া আৰু কে-পপক ভালপোৱা ভাৰতীয় যুৱক-যুৱতীসকলে একেখন মঞ্চত থিয় হৈ অনুষ্ঠানটো উপভোগ কৰাৰ লগতে নিজৰ সপোনক আগুৱাই নিব পাৰে। আশাকৰোঁ সকলো অংশগ্ৰহণকাৰী আৰু দৰ্শকে কে-পপ আৰু আমাৰ এই মঞ্চৰ জৰিয়তে নিজকে বুজিব, ভাল পাব আৰু মুক্তভাৱে নিজকে প্ৰকাশ কৰিব পাৰিব।”

আঞ্চলিক ৰাউণ্ডৰ কঠিন প্ৰতিযোগিতাৰ বাবে অংশগ্ৰহণকাৰী সকল সাজু হৈছে। কলকাতা, ইটানগৰ কহিমা, দিল্লী, হায়দৰাবাদ ভূপাল বেংগালুৰুৰ পৰা আৰম্ভ হৈ চেন্নাই, মুম্বাই, গুৱাহাটী আৰু লক্ষ্ণৌত প্ৰতিযোগিতাৰ সামৰণি পৰে। আঞ্চলিক প্ৰিলিমিনাৰীৰ পৰা নিৰ্বাচিত কণ্ঠ আৰু নৃত্য শাখাৰ প্ৰতিগৰাকী বিজয়ীয়ে ছেমি ফাইনেলত অংশগ্ৰহণ কৰিব। ছেমি ফাইনেলৰ ১০ গৰাকী বিজয়ীয়ে (৫ টা কণ্ঠ, ৫ টা নৃত্য) “কে-পপ একাডেমী” কাৰ্যসূচীৰ জৰিয়তে বিশেষজ্ঞৰ পৰা গায়ন আৰু নৃত্যৰ প্ৰশিক্ষণ লাভ কৰিব।

ছেমি ফাইনেলৰ বিজয়ীসকলে ফাইনেললৈ আগবাঢ়িব, আৰু চূড়ান্ত বিজয়ীক পুৰস্কাৰ হিচাপে কোৰিয়া ভ্ৰমণৰ ব্যৱস্থা কৰা হ’ব। দিল্লীত ছেমিফাইনেল আৰু ফাইনেল দুয়োটা ৰাউণ্ডৰ আয়োজন কৰা হ’ব। অনুষ্ঠানটোৰ চূড়ান্ত ৰাউণ্ডটো কোৰিয়াৰ প্ৰখ্যাত কে-পপ শিল্পী বেণ্ডৰ সৈতে জি-২০ সন্মিলন উদযাপনৰ বাবে এক বিশেষ সাংস্কৃতিক অনুষ্ঠান হিচাপে অনুষ্ঠিত হ’ব।