গৰৈমাৰী, ২৬ জুন, ২০২৩ : গৰৈমাৰীৰ সাংবাদিক আব্দুৰ ৰৌফ আলমগীৰৰ মৃতদেহ উদ্ধাৰ। নদীত ওপঙি থকা অৱস্থাত উদ্ধাৰ হয় সাংবাদিক আব্দুৰ ৰৌফ আলমগীৰৰ মৃতদেহ (Journalist Body Found)। স্থানীয় ৰাইজে নদীৰ পৰা উদ্ধাৰ কৰে আব্দুৰ ৰৌফ আলমগীৰৰ মৃতদেহ। বকো আৰক্ষীয়ে সাংবাদিক গৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।

অৱশেষত উদ্ধাৰ হ’ল অপহৃত সাংবাদিক আব্দুৰ ৰৌফ আলমগীৰৰ মৃতদেহ৷ যোৱা শনিবাৰৰ (২৪ জুন) পৰা বকোৰ জামবাৰী অঞ্চলৰ পৰা সন্ধানহীন হৈ আছিল সাংবাদিক আব্দুৰ ৰৌফ আলমগীৰ। সন্ধানহীন হোৱাৰ পিছৰে পৰা পৰিয়ালৰ লোকে সন্ধান চলাই আছিল যদিও সন্ধান লাভ কৰা নাছিল সাংবাদিক গৰাকীৰ। ২৪ জুনত সাংবাদিক আব্দুৰ ৰৌফ আলমগীৰৰ কাৰোবাৰ লগত ওলাই গৈছিল আৰু ইয়াৰ পিছৰে পৰা সন্ধানহীন হৈ আছিল।

সাংবাদিক গৰাকীক কোনো দুৰ্বৃত্তই অপহৰণ কৰিছিল বুলি সন্দেহ প্ৰকাশ কৰিছিল পৰিয়ালৰ লোকে। ইয়াৰ মাজতে সোমবাৰে (২৬ জুন) পুৱাৰ ভাগত সাংবাদিক আব্দুৰ ৰৌফ আলমগীৰৰ মৃতদেহ উদ্ধাৰ হয়। জামবাৰী আৰু শিঙিমাৰী কলহী নদীত পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ হয় সাংবাদিক গৰাকীৰ মৃতদেহ৷ একাংশ স্থানীয় লোকে কলহী নদীত মৃতদেহ প্ৰত্যক্ষ কৰি মৃতদেহটো পানীৰ পৰা উদ্ধাৰ কৰি বকো আৰক্ষীক খবৰ দিয়ে৷

বকো আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ সাংবাদিক গৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰি তদন্ত অব্যাহত ৰাখিছে। ইফালে স্থানীয় ৰাইজে সাংবাদিক আব্দুৰ ৰৌফ আলমগীৰক অপহৰণ কৰি পৰিকল্পিতভাৱে হত্যা কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে। অতিকৈ অমাইক স্বাভাৱৰ আৰু উচ্চ শিক্ষিত আব্দুৰ ৰৌফ আলমগীৰৰ সাংবাদিকতাই কাল হ’ল নেকি বুলি ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে।

সাংবাদিকতাৰ লগতে গৰৈমাৰী অঞ্চলৰ বিভিন্ন সামাজিক কামতো আগভাগ লৈছে আব্দুৰ ৰৌফ আলমগীৰে। কিয় আৰু কোনে সাংবাদিক গৰাকীক এইদৰে নৃশংসভাৱে হত্যা কৰিলে ইয়াকে লৈ ৰাইজৰ মাজত সৃষ্টি হৈছে ব্যপক কৌতুহল৷ আৰক্ষীয়ে তদন্ত চলাই আছে যদিও এতিয়ালৈকে কোনো ধৰণৰ তথ্য সংগ্ৰহ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী। তথ্য বিচাৰি হাবাথুৰি খাইছে বকো আৰক্ষী৷ সাংবাদিক গৰাকীৰ মৃত্যুত অঞ্চলটোৰ শোকৰ ছাঁ পেলাইছে।