গুৱাহাটী : এটাৰ পিছত আনটো অপৰাধ। চুৰি, ডকাইতি, হত্যা, এতিয়া সাধাৰণ ঘটনাত পৰিণত হৈছে গুৱাহাটী মহানগৰীত। প্ৰতিদিনে মহানগৰী গুৱাহাটীত সংঘটিত হৈ আছে হত্যা আৰু ডকাইতিৰ ঘটনা। সাধাৰণ নাগৰিকক সুৰক্ষা প্ৰদান কৰাত সম্পূৰ্ণ ব্যৰ্থ হোৱা পৰিলক্ষিত হৈছে মহানগৰ আৰক্ষী।

দিনে-নিশাই আৰক্ষীৰ লোক গিজগিজাই থকা মহানগৰীত সংঘটিত হৈ আছে এটাৰ পিছত আনটো চাঞ্চল্যকৰ অপৰাধ। দিনৰ পোহৰতে আৰক্ষীৰ সন্মুখত অপৰাধ সংঘটিত কৰি আঁতৰি যাবলৈ সক্ষম হৈছে অপৰাধী। পূবৰ তেনে এক ঘটনা সংঘটিত হৈছে মহানগৰীৰ নুনমাটিত।

নুনমাটিত দিনৰ পোহৰতে বেংকৰ সন্মুখৰ পৰা ডকাইতৰ দলে লুটি নিলে ৩ লাখ ৫০ হাজাৰ টকা। নুনমাটিৰ এছ বি আইৰ সন্মুখৰ পৰা ক’লা পালছাৰ বাইকত অহা দুজন ডকাইতে এজন লোকৰ হাতৰ পৰা লুটি নিয়ে টকাখিনি। এছ বি আইৰ পৰা লোকজনে টকাখিনি উলিয়াই আনিছিল।

মহম্মদ স্বফিকুল হক নামৰ লোকজনে বেংকৰ পৰা টকাখিনি উলিয়াই অহাৰ পিছতে দুজন ডকাইত বাইকত আহি লোকজনৰ হাতৰ পৰা টকাত বেগখিনি লৈ পলায়ন কৰে। লোকজনৰ ঘৰ জয়ানগৰত। ঘটনাস্থলীত আৰক্ষীৰ উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

উল্লেখ্য যে কিছুদিন পুর্বে কাহিলিপাৰাতো অনৰূপ ধৰণৰ ডকাইতিকাণ্ড সংঘটিত হৈছিল। পেট্ৰ’ল পাম্পত তেল ভৰাই থকা এগৰাকী মহিলা আৰক্ষী বিষয়াৰ হাতৰ পৰা ডকাইতৰ দলে লুটি নিছিল নগদ ধনৰ বেগ। আৰক্ষীৰ হাতৰ পৰা ধন লুটি নিয়া মহানগৰীত সাধাৰণ ৰাইজ কিমান সুৰক্ষিত বুলি ৰাইজে প্ৰশ্ন উত্থাপন কৰা পৰিলক্ষিত হৈছে।