ৰূপহীহাট : দুই সুৰা ব্যৱসায়ীয়ে নিজ হাতেৰে ভাঙিলে নিজৰ সুৰাৰ বটল সমূহ। এফালৰ পৰা সুৰাৰ বটল সমূহ ভাঙিছে সুৰা ব্যৱসায়ীয়ে দুজনে। এটাৰ পিছত আনটো সুৰাৰ কাৰ্টুন বিনষ্ট কৰিছে সুৰাৰ ব্যৱসায়ী দুজনে। সুৰাৰ ব্যৱসায়ী দুনজ ৰূপহীহাটৰ
দিলীপ মোদক আৰু ছুটু পাল।

দিলীপ মোদক আৰু ছুটু পাল নাম লোক দুজনে দীর্ঘদিন ধৰি ৰূপহীহাটত চলাই আহিছিল সুৰাৰ চোৰাং বেহা। পিছে দিন বেয়া আছিল দুয়ো সুৰাৰ চোৰাং ব্যৱসায়ীৰ। নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নিৰ্দেশত সুৰাৰ চোৰাং ব্যৱসায়ী দিলীপ মোদক আৰু ছুটু পালে নিজ হাতে নিজৰ সুৰাৰ বটল সমূহ ভাঙি বিনষ্ট কৰিব লগা হ’ল।

নতুন বছৰলৈ মাজত মাত্ৰ কেইটামান দিন। ৩১ ডিচেম্বৰৰ নিশা চলিত বছৰটোক বিদাই জনাই নতুন বছৰক আদৰি অনা হ’ব। নতুন বছৰক আদৰি অনাৰ নামত চলিব পাৰ্টী। পাৰ্টী কৰাত, আনন্দ মনেৰে নতুন বছৰক আদৰি অনাত বাধা নাই, আনকি সুৰা পান কৰাটো বাধা নাই। কিন্তু সুৰা পান কৰি গাড়ী চলালে ৰক্ষা নাই বুলি সকীয়াই দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

৩১ ডিচেম্বৰত সুৰাৰ ৰাগীত মাতাল হৈ গাড়ী চলাই যাতে কোনো লোক পথ দুৰ্ঘটনাত পতিত হৈ আহত বা নিহত হ’বলগীয়া নহয় ইয়াৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী কঠোৰ হৈছে। ইতিমধ্যে অসম আৰক্ষীয়ে ৰাজ্যৰ প্রান্তে প্রান্তে ৰাজপথ সমূহত নামি পৰিছে সুৰা পান কৰি গাড়ী চলোৱা লোকৰ বিৰুদ্ধে। পথ দুর্ঘটনা ৰোধ কৰাৰ অভিযানত ব্যস্ত আৰক্ষী।

ইয়াৰ সমান্তৰালে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে সুৰাৰ চোৰাং বেহাৰ বিৰুদ্ধে। নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নেতৃত্বত নগাঁও আৰক্ষীৰ এটা দলে এক গোপন খবৰৰ ভিত্তিত ৰূপহীহাটত সুৰাৰ চোৰাং বেহাৰ বিৰুদ্ধে অভিযান চলাই বৃহৎ পৰিমাণৰ অবৈধ সুৰা জব্দ কৰে। দিলীপ মোদক আৰু ছুটু পাল নামৰ সুৰাৰ চোৰাং ব্যৱসায়ীৰ পৰা আৰক্ষীয়ে জব্দ কৰে ৩৫ কাৰ্টুন অবৈধ সুৰা।

আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ উপস্থিতিত ভাঙি চুৰমাৰ কৰা হয় বিলাতী সুৰাৰ কাৰ্টুনখিনি। আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নিৰ্দেশত সুৰা ব্যৱসায়ী দিলীপ মোদক আৰু ছুটু পালে নিজ হাতে ভাঙি বিনষ্ট কৰে নিজৰ অবৈধ সুৰাৰ কার্টুন। দিলীপ মোদক আৰু ছুটু পাল দীৰ্ঘদিন ধৰি অঞ্চলটোত চোৰাংভাৱে অবৈধ বিলাতী সুৰাৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল।