ৰঙিয়া : ৰে’লৰ আগত জাপ দি প্ৰেমিক-প্ৰেমিকাৰ আত্মহত্যা। এই শোকাবহ ঘটনা সংঘটিত হৈছে ৰঙিয়াত। ২০ বছৰীয়া যুৱক আৰু ১৫ বছৰীয়া কিশোৰীয়ে ৰে’লৰ আগত জাপ দি আত্মহত্যা কৰে। স্থানীয় ৰাইজে ৰে’ল লাইনৰ ওপৰত প্ৰত্যক্ষ কৰে প্ৰেমিক-প্ৰেমিকাৰ মৃতদেহ।

ৰঙিয়াত সংঘটিত হৈছে এক শোকাবহ ঘটনা। দেওবাৰে পুৱাৰ ভাগত কামৰূপ জিলাৰ ৰঙিয়াৰ উদিয়ানাত এজন যুৱক আৰু এগৰাকী কিশোৰীয়ে ৰে’লৰ আগত জাপ দি আত্মহত্যা কৰে। আত্মহত্যা কৰা যুৱকজনৰ নাম মইনুল হক আৰু কিশোৰী গৰাকী শ্ববনাম চুলতানা বুলি জানিব পৰা গৈছে।

পুৱাৰ ভাগত একাংশ স্থানীয় ৰাইজে ৰে’ল লাইনৰ ওপৰত এজন যুৱক আৰু এগৰাকী কিশোৰীৰ মৃতদেহ প্ৰত্যক্ষ কৰে। স্থানীয় ৰাইজে যুৱকজন মইনুল হক আৰু কিশোৰী গৰাকী শ্ববনাম চুলতানা বুলি চিনাক্ত কৰে। উদিয়ানৰ ১৫ বছৰীয়া কিশোৰী শ্ববনাম চুলতান নৱম শ্ৰেণীৰ ছাত্ৰী।

আনহাতে মইনুল হক নামৰ যুৱকজন মঙলদৈৰ বাসিন্ধা। যুৱকজন ৰঙিয়াত ভাড়া ঘৰত থাকে। মইনুল হক আৰু শ্ববনাম চুলতান নামৰ কিশোৰী গৰাকীৰ মাজত প্ৰেমৰ সম্পৰ্ক আছিল। মইনুল হক আৰু শ্ববনাম চুলতান নামৰ কিশোৰী গৰাকী কিয় আত্মহত্যা কৰিলে এই সম্পৰ্কে জানিব পৰা হোৱা নাই।