অমিনুৰ ৰহমানৰ সহযোগত প্ৰীতি পাৰীক

শিৱসাগৰ : শিৱসাগৰৰ মুক্তি যুঁজাৰু গোলাপ গগৈৰ দেহাৱসান।সম্পূৰ্ণ ৰাজ্যিক মর্যাদাৰে শেষকৃত্য সম্পন্ন। শিৱসাগৰ জিলাৰ বানমুখ চুতীয়া গাঁও নিবাসী মুক্তি যুঁজাৰু গোলাপ গগৈয়ে শনিবাৰে শেষ নিশ্বাস ত্যাগ কৰে। নিশা ৮:২০ বজাত মুক্তি যুঁজাৰু গোলাপ গগৈয়ে নিজ বাসগৃহত বাৰ্দ্ধক্যজনিত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৪ বছৰ।

দেওবাৰে দিনৰ ১১:৩০ বজাত বানমুখ চুতীয়া গাঁৱত সম্পূৰ্ণ ৰাজ্যিক মর্যাদাৰে মুক্তি যুঁজাৰু গোলাপ গগৈৰ শেষকৃত সম্পন্ন কৰা হয়। প্ৰয়াত গোলাপ গগৈৰ প্ৰতি সন্মান জনাই আৰক্ষী বাহিনীৰ চালামী প্ৰদান কৰা শেষকৃত অনুষ্ঠানত শিৱসাগৰ জিলাৰ উপায়ুক্ত মেঘ নিধি দাহাল, জিলা আৰক্ষী অধীক্ষক ৰাকেছ ৰৌচন আদিৰ লগতে জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়া বৰ্গ উপস্থিত থাকে।

উল্লেখযোগ্য যে ব্ৰিটিছ বিৰুদ্ধে স্বাধীনতা সংগ্ৰামৰ এগৰাকী অগ্ৰণী সেনানী আছিল গোলাপ গগৈ। ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি প্ৰয়াত গোলাপ গগৈয়ে কাৰাবাস পৰ্যন্ত খাটিব লগা হৈছিল। মৃত্যুৰ সময়ত গোলাপ গগৈয়ে পত্নী ইলা গগৈ, তিনি পুত্ৰ, এগৰাকী জীয়ৰীসহ বহু আত্মীয় এৰি থৈ গৈছে।

স্বাধীনতা সংগ্ৰামীৰ পেঞ্চনভোগী গোলাপ গগৈৰ বিয়োগত অসম ৰাজ্যিক মুক্তি যুঁজাৰো সন্থাৰ লগতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰিছে। আনহাতে প্ৰয়াত গোলাপ গগৈৰ মৃত্যুত শিৱসাগৰ নগৰ আৰু ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলত গভীৰ শোকৰ ছাঁ পৰা দেখিবলৈ পোৱা যায়।