বকো : বকো আৰক্ষীৰ বৃহৎ সাফল্য। বকো আৰক্ষীয়ে জব্দ কৰিলে বৃহৎ পৰিমাণৰ জাল নোট। তিনি কোটিৰো অধিল জাল নোটসহ বকো আৰক্ষীয়ে দুজন জাল নোট ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষী কঠোৰ হোৱাৰ পিছতো ৰাজ্যত একাংশই চলাই গৈছে বিভিন্ন প্ৰকাৰৰ অবৈধ বেহা।

ড্ৰাগছৰ লগতে সকলো ধৰণৰ অবৈধ বেহাৰ বিৰুদ্ধে কঠোৰ হৈছে অসম আৰক্ষী। বিগত সময়ছোৱাত অসম আৰক্ষীয়ে ড্ৰাগছ লগতে সকলো ধৰণৰ অবৈধ বেহাৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান চলাই কেইবাটাও বৃহৎ সাফল্য লাভ কৰিছে। বিশেষকৈ ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কেইটাও উল্লেখযোগ্য সাফল্য লাভ কৰিছে।

আৰক্ষীয়ে এটাৰ পিছত আনটো সাফল্য লাভ কৰি আছে যদিও অবৈধ বেহাৰ লগত জড়িত একাংশই বৰ্তমানেও অব্যাহত ৰাখিছে অবৈধ বেহা। বকো আৰক্ষীৰ এক সাফল্যই প্ৰমাণ কৰিলে যে অবৈধ বেহাৰ লগত জড়িত একাংশ লোকে ধনৰ লোভত এৰিব পৰা নাই অবৈধ বেহা।

বকো আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই লাভ কৰিছে এক বৃহৎ সাফল্য। কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত ৰাজাপাৰাত বকো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভদ্ৰেশ্বৰ পেগুৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই বৃহৎ পৰিমাণৰ জাল নোট জব্দ কৰে। তিনি কোটিৰো অধিক জাল নোটসহ দুজন জাল নোট ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় বকো আৰক্ষী থানাৰ অভিযানকাৰী আৰক্ষীৰ দলটোৱে।

ধৃত জাল নোট ব্যৱসায়ী দুজন ক্ৰমে চাহিদুল ইছলাম আৰু নবিউল ইছলাম বুলি জানিব পৰা গৈছে। জাল নোট ব্যৱসায়ী দুজনৰ ঘৰ গোৱালপাৰা জিলাৰ কৃষ্ণাইত। বকো আৰক্ষীয়ে জাল নোট ব্যৱসায়ী দুজনৰ নীলা ৰঙৰ ছুইফ ডিজিয়াৰ বাহনত তালাচী চলাই জাল নোটখিনি জব্দ কৰে। অধিক তথ্যৰ বাবে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।